ডিজিটেল ডেস্কঃ দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশনত ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰে৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰম, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, পাঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধু আদিয়ে ভাষণ প্ৰদান কৰে৷ তাৰ লগে লগে মহাধিৱেশনৰ অন্যতম আকৰ্ষণ আছিল দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ ভাষণ৷ 

ৰাহুল গান্ধীয়ে ভাষণত বিজেপিক কৌৰৱ আৰু কংগ্ৰেছক পাণ্ডৱৰ সৈতে তুলনা কৰে৷ কোনো শক্তিয়ে আমাক ন্যায়ৰ বাবে যুঁজ দিবলৈ বাধা দিব নোৱাৰে৷ কংগ্ৰেছে সদায় সত্যৰ বাবে যুঁজ দিয়ে আৰু দেশৰ ৰাইজে কংগ্ৰেছৰ পৰা বহু আশা কৰে৷ ৰাহুলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক আক্ৰমণ কৰি তেওলোকে হত্যাকাণ্ডৰ অভিযুক্তক সভাপতি নিয়োগ কৰা বুলি কয়৷ 

ৰাহুলে অমিত শ্বাহক হত্যাকাৰী বুলি কোৱাৰ পিছতেই বিজেপিৰ নেতাই প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে৷ বিজেপি নেত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাহুলৰ ভাষণক বিফল, শূন্য আৰু তথ্যহীন আখ্যা দিয়ে৷ বিজেপিক কৌৰৱৰ সৈতে তুলনা কৰাত সীতাৰমণে উভতি ধৰি যিটো দলে ভগৱান ৰামৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰে বুলি কৈ এই দলটোৱে হিন্দুৰ ৰীতি-নীতি আৰু হিন্দুক লৈ ইতিকিং কৰা বুলি কয়৷ 

বিজেপিৰ অধ্যক্ষক ন্যায়ালয়ে নিৰ্দোষী ঘোষণা কৰিছে বুলি কৈ  সীতাৰমণে এইগৰাকী লোকে সম্পূৰ্ণ তথ্যহীন আৰু মিছা প্ৰচাৰ কৰি আহিছে৷ নেছনেল হেৰাল্ড গোচৰত ক্ৰিমিনেল গোচৰত বিল লৈ বাহিৰত আছে৷ ইভিএমৰ পৰিৱৰ্তে বেলট কাকতত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কাৰ কাৰ্যক উভতি ধৰি এই দাবী ভুল বুলি কয়৷ এই কাৰ্যক অধিক পাৰদৰ্শী আৰু সৰল কৰা হৈছে বুলি কয় সীতাৰমণে৷ তেও পাৰদৰ্শী নিবিচাৰে বুলি কয়৷ আনহাতে ৰাহুলে কোৱা বিচাৰধাৰাৰ যুঁজ সন্দৰ্ভত মত প্ৰকাশ কৰি জেএনইউত দেশক টুকুৰা কৰিব বিচৰা লোকক সংগ দিয়া বুলি কয় সীতাৰমণে৷