ডিজিটেল ডেস্কঃ বিজেপিৰ প্ৰতি যেন ক্ৰমান্বয়ে সকলো সহযোগী দলৰে মোহভংগ ঘটিছে। এইবাৰ দলটোৰ প্ৰতি সৰৱ হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰ। জানিব পৰা মতে নীতিশ কুমাৰে, বৰ্তমান সময়ত বিজেপিৰ কাৰ্যকলাপ, নীতি-আদৰ্শ প্ৰত্যক্ষ কৰি অসন্তুষ্ট হৈ পৰিছে। যাৰ বাবে কুমাৰে বিজেপিৰ প্ৰতি কঠোৰ মন্তব্য আগবঢ়াই৷
কুমাৰে কয়, দেশ একন প্ৰগতিৰ পথত আগবাঢ়ে প্ৰেম, দয়া, ক্ষমা, সহিষ্ণুতা, একতা তথা ভাতৃত্ববোধৰ জৰিয়তেহে৷ সেয়ে আমি কেৱল ভোটৰ আশা পালি থাকিলেই নহ’ব৷ যি সকলে ভোটদান কৰে তেওঁলোকৰ বাবেহে গভীৰ চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়৷ ইয়াৰ লগতে কুমাৰে কয়, আমি মিত্ৰজোঁটৰ সৈতে থাকিব পাৰো, কিন্তু নিজা চৰ্ত আদৰ্শ মানিহে কামত আগবাঢ়ি যাম৷ মিত্ৰজোঁট চৰকাৰৰ সতে থাকিলে সংখ্যালঘুসকলৰ সমস্যাৰ সতে আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে নীতিশ কুমাৰে৷
উল্লেখ্য যে, কুমাৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙ আৰু অশ্বিনী চৌবেৰ প্ৰতি অসন্তুষ্ট হৈ এনে কটাক্ষমূলক মন্তব্য কৰে৷ জানিব পৰা মতে, কিছু দিনৰ পূৰ্বে গিৰিৰাজ সিঙে দৰভাংগা জিলাত এজন আৰক্ষী বিষয়াৰ ওপৰত ধৰ্ণা দিবলৈ ৰাইজক উচতনি দি ভিডিঅ কৰিছিল৷ এই ঘটনাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছত গিৰিৰাজ সিঙে টুইট কৰা বুলিও জানিব পৰা গৈছে৷ আনহাতে অশ্বিনী চৌবে ভাগলপুৰত সংঘটিত দুটা সম্প্ৰদায় মাজত সংঘটিত হিংসাত্মক ঘটনা তথা গম্ভীৰ পৰিস্থিতিক লৈ মন্তব্য কৰিছিল৷