পিয়ংইয়াংঃ মৃত্যু হোৱা নাই উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ। এতিয়াও সো-শৰীৰে জীয়াই আছে কিম! সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত জনতাৰ মাজত হাঁহি থকা দেখা গ’ল দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক।
শনিবাৰে পুৱাই দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীৰ কেবাখনো ফটো। এই ফটোসমূহত এক অনুষ্ঠানত জনতাৰ সৈতে দেখা গৈছে কিম জং উনক। সুদীৰ্ঘ ৩ সপ্তাহৰ মূৰত এনেদৰে তেওঁক ৰাইজৰ মাজত দেখা গৈছে। ফটোখনত কিমৰ পিছফালে থকা বেনাৰখনত ডাঙৰ ডাঙৰকৈ ১ মে’, ২০২০ বুলি লিখা আছে।