পিয়ংইয়াংঃ মৃত্যু হোৱা নাই উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ। এতিয়াও সো-শৰীৰে জীয়াই আছে কিম! সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত জনতাৰ মাজত হাঁহি থকা দেখা গ’ল দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক।

শনিবাৰে পুৱাই দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীৰ কেবাখনো ফটো। এই ফটোসমূহত এক অনুষ্ঠানত জনতাৰ সৈতে দেখা গৈছে কিম জং উনক। সুদীৰ্ঘ ৩ সপ্তাহৰ মূৰত এনেদৰে তেওঁক ৰাইজৰ মাজত দেখা গৈছে। ফটোখনত কিমৰ পিছফালে থকা বেনাৰখনত ডাঙৰ ডাঙৰকৈ ১ মে’, ২০২০ বুলি লিখা আছে। 

Rodong Sinmun সংবাদপত্ৰত প্ৰকাশিত ফটোকেইখনত কিমক এটা সাৰ কাৰখানা উদ্বোধন কৰা দেখা গৈছে। তেওঁৰ সৈতে অন্যান্য অতিথিসকলৰ লগতে আছে ভনীয়েৰ তথা উপদেষ্টা কিম ইয়ো জং।

উল্লেখ্য যে, এপ্ৰিলৰ মাজভাগৰে পৰা অসুস্থতাৰ বাবে ৰাজহুৱা কোনো অনুষ্ঠানত দেখা পোৱা হোৱা নাছিল কিমক। আনকি তেওঁৰ ককাক তথা দেশৰ প্ৰতিষ্ঠাতা কিম ইল ছাঙৰ জন্মবাৰ্ষিকী উৎসৱতো ভাগ লোৱা নাছিল কিমে। এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত অনুপস্থিত থকাৰ পিছতে তেওঁৰ জীৱন-মৃত্যুক লৈ বহুতেই সন্দিহান হৈ পৰিছিল।

আনকি, গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছত কিছুদিন পূৰ্বে বিশ্বৰ একাধিক সংবাদ মাধ্যমে হংকং টিভিৰ বাতৰিৰ উধৃতি দি কিমৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল। একেদৰে শুকুৰবাৰে টাইৱানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা চিউ কুঅ’ চেঙে দাবী কৰিছে যে কিম এতিয়াও ভালদৰে সুস্থ হৈ উঠা নাই আৰু সেয়ে দেশখনে 'পৰৱৰ্তী শাসক’ক মনোনীত কৰি ৰাখিছে।

ইফালে, ফটো মুকলি কৰিলেও সেয়া সত্য নহ’ব পাৰে বুলিও দাবী কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। সংবাদ এজেন্সি এএফপিয়ে কৈছে যে তেওঁলোকে এই ফটোকেইখন ১ মে’ৰ হয় নে নহয় সেই লৈ নিশ্চিত নহয়। কৰ'নাৰ সংকটকালত মাস্ক নিপিন্ধাকৈ কিমে বাহিৰলৈ ওলোৱাতো অসম্ভৱ বুলি মন্তব্য কৰি চিএনএনৰ এছিয়াৰ প্ৰতিনিধি উইল ৰিপ্লেয়ো ফটোসমূহক লৈ সন্দেহ প্ৰকাশ কৰিছে।

এক টুইটত উইলে কৈছে, 'এইখন চৰকাৰী মিডিয়াই কিম জং উনে সাৰ কোম্পানী মুকলি কৰি থকা বুলি দাবী কৰা আন এখন ফটো। ফটোখন চালে ১ মে’ বুলি লিখা থকা বেনাৰখনৰ তলত কিমক ফটোশ্বপ কৰি বহুৱাই দিয়া যেন লাগে। দেখা যাওক, তেওঁলোকে ভিডিঅ’ মুকলি কৰে নে নাই!’