▪️ মূল বাংলা || তাৰাপদ ৰায়

▪️ অনুবাদঃ ধ্ৰুৱজ্যোতি ধনন্তৰি


মদ্যপান কৰি থকা সময়ত মই কোনো ৰিস্ক নলও।
অফিচৰ পৰা সন্ধিয়া ঘৰলৈ আহি দেখো পত্নী ৰন্ধা-বঢ়াত ব্যস্ত।
পাকঘৰৰ পৰা ভাহি আহিছে বাচন-বৰ্তনৰ শব্দ।
মই খুপি খুপি খোজ দি ঘৰৰ ভিতৰ পালো।
ক’লা ৰঙৰ আলমাৰিৰ পৰা বটলটো উলিয়ালো।
নেতাজীয়ে ফটোফ্ৰেমৰ পৰা মোলৈ চাই আছে।
কিন্তু এতিয়ালৈকে কোনেও একো উমঘাম পোৱা নাই।
কাৰণ মই এইসময়ত কোনো ৰিস্ক নলও।
ছিংকৰ ওপৰৰ শ্বেল্ফটোৰ পৰা গিলাছটো ল’লো
আৰু টপককৈ এক পেগ গিলি দিলো।
গিলাছটো ধুই পুনৰ শ্বেল্ফৰ ওপৰত থৈ দিলো।
আৰু বটলটোও আলমাৰিত থৈ দিলো।
নেতাজীয়ে মিচিকিয়াই হাঁহিলে।
পাকঘৰলৈ গৈ দেখিলো পত্নীয়ে আলু কাটিছে।
কোনেও একো উমঘাম পোৱা নাই।
কাৰণ মই এইসময়ত কোনো ৰিস্ক নলও।
পত্নীক সুধিলোঃ সমীৰৰ ছোৱালীৰ বিয়াৰ কিবা হ’ল নেকি?
পত্নীঃ কিনো হ’ব, ছোৱালীজনীৰ কপালেই বেয়া। এতিয়াও দৰা বিচাৰি আছে।
মই আকৌ কোঠাটোলৈ আহিলো, আলমাৰি খুলিবলৈ লওতে এবাৰ টুকৈ শব্দ হ’ল।
তেনেকুৱা একো নহয় অৱশ্যে।
বটল উলিওৱাৰ সময়ত অৱশ্যে কোনো শব্দ নাই কৰা।
ছিংকৰ ওপৰৰ শ্বেল্ফৰ পৰা গিলাছটো লৈ দুই পেগ মাৰি দিলো।
বটলটো ধুই সাৱধানে ছিংকৰ মাজত থৈ দিলো। আৰু গিলাছটো আলমাৰিত।
এইপৰ্যন্ত কোনেও একো ধৰিব পৰা নাই।
কাৰণ মই এইসময়ত কোনো ৰিস্ক নলও।
বাহিৰলৈ আহি পত্নীক সুধিলোঃ এটা কথা নহয়, সমীৰৰ ছোৱালীৰ বয়সনো কিমান!
পত্নীঃ কি কৈছা!! ৩০ বছৰেই হ’ল, দেখাত অলপ বুঢ়ী বুঢ়ী লাগে।
মই (পাহৰিয়ে গৈছিলো সমীৰৰ ছোৱালীৰ বয়স ৩০): অ' কথাটো এয়াহে,
সুযোগ বুজি পুনৰ আলমাৰিৰ পৰা আলু উলিয়াই আনিলো (আৰে, আলমাৰিটোৱে ঠাই কেনেকৈ সলালে ৰে...),
শ্বেল্ফৰ পৰা বটলটো উলিয়াই ছিংকৰ পানীৰে মিলাই আৰু এক পেগ পেটলৈ চালান দিলো।
নেতাজীয়ে দেখি জোৰে জোৰে হাঁহিছে।
শ্বেল্ফত আলুটো থৈ নেতাজীৰ ফটোখন ভালকৈ ধুই আলমাৰিত ভৰাই দিলো।
পত্নীয়ে কি কৰি আছে চালো- অ’ গেছৰ ওপৰত শ্বেল্ফটো উঠাই দিছে।
যিনহওক এইপৰ্যন্ত কোনেও একো গমকে পোৱা নাই।
কাৰণ মই এইসময়ত কোনো ৰিস্ক নলও।
পত্নীক সুধিলোঃ তুমি কি সমীৰক বুঢ়া বুলি কৈছা?
পত্নীঃ কি বকবক কৰি আছানো, বাহিৰলৈ গৈ মনে মনে বহি থাকা। এতিয়া তুমি কথা নক’বাই।
মই আলুৰ পৰা পুনৰ বটলটো উলিয়াই মজাকৈ আলমাৰিৰ পৰা আৰু এক পেগ গলাধকৰণ কৰিলো।
ছিংকটো ধুই সেইটো শ্বেল্ফৰ ওপৰত থৈ দিলো।
ফটো ফ্ৰেমৰ পৰা চাই পত্নীয়ে এতিয়াও হাঁহি আছে।
আৰু নেতাজীয়ে ৰান্ধি আছে।
এতিয়াও কিন্তু কোনেও একো গমকে পোৱা নাই।
কাৰণ মই এইসময়ত কোনো ৰিস্ক নলও।
পত্নীক হাঁহি হাঁহি ক’লোঃ তেন্তে সমীৰে কি আকৌ কইনা চাইছে?
পত্নীঃ কি কৈ আছানো, তুমি মনে মনে কোনোবা এঠাইত বহি নাথাকানো কিয়!
মই পাকঘৰলৈ গৈ চুপচাপ আলমাৰিৰ ওপৰত বহি থাকিলো।
কিন্তু এতিয়ালৈকে সমীৰে একো গমেই পোৱা নাই।
কাৰণ নেতাজীয়ে কোনো ৰিস্ক ল’ব নোখোজে।
সমীৰে এতিয়াও ৰান্ধি আছে।
আৰু মই?
মই ফটো ফ্ৰেমৰ পৰা পত্নীলৈ চাই এতিয়াও হাঁহি আছো।
কাৰণ মই কেতিয়াও কিবাটো লোৱা নাই,
কি জানো নল’লো.... অ’ মনত পৰিছে, আলু লোৱা নাই, আলু।


অনুবাদকৰ টোকাঃ প্ৰসিদ্ধ বাংলা কবি তাৰাপদ ৰায়ৰ “মদ খাওয়াৰ সময় আমি কোন ৰিস্ক নেই না” শিৰোনামৰ এই ৰম্য ৰচনা সদৃশ কবিতাটিত এগৰাকী মধ্যবিত্ত সুৰাপায়ীৰ দৃষ্টিভংগী পৰিস্ফুট হৈ উঠিছে। কবিতাটোৰ ৰচনাকালক লৈ ভিন্নজনৰ ভিন্নমত দেখা গ’লেও কবিতাটোত কবিয়ে সুৰাপানক লৈ ভাৰতীয় মধ্যবিত্ত সমাজত থকা বাধ্যবাধকতা তথা সুৰাপানৰ প্ৰতি থকা আকৰ্ষণ সুন্দৰকৈ তুলি ধৰিছে।