newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছে পঞ্জাৱত আম আদমী পাৰ্টীৰ সৈতে কোনো ধৰমৰ মিত্ৰতা স্থাপন কৰিব নিবিচাৰে বুলি শনিবাৰে স্পষ্ট কৰি দিছে৷ পঞ্জাৱ কংগ্ৰেছৰ অধ্যক্ষ সুনীল জাখড় আৰু ৰাজ্যখনৰ এআইচিচিৰ অধ্যক্ষ আশা কুমাৰীয়ে কংগ্ৰেছ-আপৰ মিত্ৰতা সম্পৰ্কে চলা ভুৱা প্ৰচাৰত গুৰুত্ব নিদিবলৈ আহ্বান জনায়৷
সুনীল জাখড়ে কয়, ‘আমি পঞ্জাৱত আপ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে চলা প্ৰচাৰ সম্পূৰ্ণে ৰূপে অস্বীকাৰ কৰিছো৷ এই বাতৰি কেৱল কল্পনা আৰু একাংশ লোকৰ স্বাৰ্থলোভৰ ষড়যন্ত্ৰ বাহিৰে আন একো নহয়৷’ ইফালে আশা কুমাৰীয়ে পঞ্জাৱ কংগ্ৰেছৰ অধ্যক্ষ সুনীল জাখড়ৰ মন্তব্যক পূৰ্ণ সমৰ্থন আগবঢ়াই আপ আৰু কংগ্ৰেছৰ মিত্ৰতা খাৰিজ কৰে৷