newsnextone.com | ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টী (বিএছপি)ৰ মাজত মিত্ৰতা স্থাপনৰ সম্ভাৱনা ক্ৰমাৎ ক্ষীণ হৈ পৰা পৰিলক্ষিত হৈছে৷ মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ৫ মাহ বাকী থাকোচেই কংগ্ৰেছ দলিত ৰাজনীতি খেলি উপ-মুখ্যমন্ত্ৰীৰ নাম পৰ্যন্ত ঘোষণা কৰা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছে উপ-মুখ্যমন্ত্ৰী পদৰ বাবে দলিত নেতা সুৰেন্দ্ৰ চৌধুৰীৰ নাম ঘোষণা কৰিছে৷ আনহাতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে এতিয়াও দলৰ মাজত আলোচনা চলি থকা বুলি জানিব পৰা গৈছে৷ 

বিএছপি প্ৰধান মায়াৱতীয়ে ৰাজ্যখনত কংগ্ৰছ-বিএছপিৰ মিত্ৰতাৰ বাৰ্তা খাৰিজ কৰাৰ পিছতে কংগ্ৰেছে উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ উল্লেখ্য যে, মায়াবতীয়ে দুই দলৰ মাজৰ মিত্ৰতাৰ বাতৰি খাৰিজ কৰি কৈছিল যে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিএছপিয়ে কোনো আলোচনা কৰা নাই৷ আগন্তক বিধানসভা নিৰ্বাচনত বিএছপিয়ে ৰাজ্যখনৰ সৰ্বমুঠ ২৩০ খন আসনতে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও ঘোষণা কৰিছিল মায়াৱতীয়ে৷ 

মধ্য প্ৰদেশত কংগ্ৰেছ আৰু বিএছপিৰ মাজত যদি মিত্ৰতা স্থাপন হয় তেন্তে মধ্যপ্ৰদেশ ৰাজনীতত এক নতুন খেলৰ আৰম্ভণী হ’ব বুলিও চৰ্চা চলা পৰিলক্ষিত হৈছে৷ দুয়োটা দলেই ৰাজ্যখনৰ দলিত ভোটসমূহ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও চৰ্চা চলিছে৷

ইফালে মায়াৱতীৰ অকলেই নিৰ্বাচনী ৰণত নমাৰ সিদ্ধান্ত আৰু আনফালে দলিত নেতাক উপ-মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছে কৰা ঘোষণা ৰাজ্যখনৰ ক্ষমতা লাভৰ বাবে নতুন কৌশল বুলি অনুমান কৰা হৈছে৷ দলিত নেতা সুৰেন্দ্ৰ চৌধুৰীক উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰি কংগ্ৰেছৰ প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ প্ৰভাৰী দীপক বাবৰীয়াই কয়, ‘মধ্য প্ৰদেশত কংগ্ৰেছৰ চৰকাৰ গঠনত দলিতক গুৰুত্ব প্ৰদান কৰা হ’ব৷ সেই ভিত্তিতে সুৰেন্দ্ৰ চৌধুৰী উপ-মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী৷’

আনফালে কংগ্ৰেছৰ এই ঘোষণাৰ পিছতে বিজেপিয়ে কংগ্ৰেছক প্ৰত্যক্ষ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ বিজেপিৰ প্ৰবক্তা ডা০ হিতেশ বাজপেয়ীয়ে কংগ্ৰেছক তীক্ষ্ণ আক্ৰমণ কৰি কয় যে কংগ্ৰেছে পূৰ্বে কিমানবাৰ দলিত সকলক অপমান কৰিছে তাৰ হিচাপ নাই, কিন্তু তাৰ পিছতো দলিত নেতাক উপ-মুখ্যমন্ত্ৰী পদৰ বাবে ঘোষণা কৰি কংগ্ৰেছে কি প্ৰমাণ কৰিব বিচাৰিছে৷

কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে কোনো দলিত নেতাক মুখ্যমন্ত্ৰী পদৰ বাবে ঘোষণা কিয় নকৰিলে বুলিও প্ৰশ্ন কৰে বিজেপিৰ প্ৰবক্তাগৰাকীয়ে৷