Home ৰাজনীতিমধ্য প্ৰদেশত দলিত নেতাক উপ-মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কংগ্ৰেছৰ, বিএছপিৰে নহয় মিত্ৰতা

মধ্য প্ৰদেশত দলিত নেতাক উপ-মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কংগ্ৰেছৰ, বিএছপিৰে নহয় মিত্ৰতা

by News Desk
67 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টী (বিএছপি)ৰ মাজত মিত্ৰতা স্থাপনৰ সম্ভাৱনা ক্ৰমাৎ ক্ষীণ হৈ পৰা পৰিলক্ষিত হৈছে৷ মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ৫ মাহ বাকী থাকোচেই কংগ্ৰেছ দলিত ৰাজনীতি খেলি উপ-মুখ্যমন্ত্ৰীৰ নাম পৰ্যন্ত ঘোষণা কৰা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছে উপ-মুখ্যমন্ত্ৰী পদৰ বাবে দলিত নেতা সুৰেন্দ্ৰ চৌধুৰীৰ নাম ঘোষণা কৰিছে৷ আনহাতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে এতিয়াও দলৰ মাজত আলোচনা চলি থকা বুলি জানিব পৰা গৈছে৷ 

বিএছপি প্ৰধান মায়াৱতীয়ে ৰাজ্যখনত কংগ্ৰছ-বিএছপিৰ মিত্ৰতাৰ বাৰ্তা খাৰিজ কৰাৰ পিছতে কংগ্ৰেছে উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ উল্লেখ্য যে, মায়াবতীয়ে দুই দলৰ মাজৰ মিত্ৰতাৰ বাতৰি খাৰিজ কৰি কৈছিল যে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিএছপিয়ে কোনো আলোচনা কৰা নাই৷ আগন্তক বিধানসভা নিৰ্বাচনত বিএছপিয়ে ৰাজ্যখনৰ সৰ্বমুঠ ২৩০ খন আসনতে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও ঘোষণা কৰিছিল মায়াৱতীয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0