newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ প্ৰথমটো দিন উত্তপ্ত হৈ পৰে সংসদ৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত হৈ হাল্লা কৰাত সদন স্থগিত ৰাখিব লগা হয়৷ তাৰ মাজতে বিৰোধিয়ে লোকসভাত উত্থাপন কৰে অবিশ্বাস প্ৰস্তাৱ৷ এনডিএৰ লোকসভাত সংখ্যাগৰিষ্ঠতা থকাৰ পিছতোঁ বিৰোধী দলে সমূহে পুনৰ চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ আনে৷
চৰকাৰে অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু থকা বুলিও কয়৷ কিন্তু চৰকাৰ তথা লোকসভাৰ অধ্যক্ষই এতিয়ালৈ অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ তাৰিখ উল্লেখ কৰা নাই৷ টিডিপিয়ে প্ৰথমে উত্থাপন কৰিছে অবিশ্বাস প্ৰস্তাৱ৷ প্ৰশ্ন কাল সমাপ্ত হোৱাৰ পিছতে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি কয়৷