কোকৰাঝাৰঃ অসমত গা কৰি উঠা পৃথক ৰাজ্যৰ অান্দোলন, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী অান্দোলন প্ৰশমিত কৰিবলৈ তথা অসম চুক্তি ৰূপায়ণ আদি বিভিন্ন দাবীৰ সমৰ্থনত অান্দোলন কৰি অহা সংগঠনৰ নেতৃবৰ্গক ত্ৰিপাক্ষিক ৰাজনৈতিক অালোচনাৰ বাবে নতুন দিল্লীলৈ অামন্ত্ৰণ জনালে চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগে।
উল্লেখ্য যে পৃথক বড়োলেণ্ডৰ দাবীত এবছু, এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএম, কমতাপুৰ পুনৰ গঠন অাৰু জনজাতিকৰণৰ দাবীত অাক্ৰাছুৱে পৃথকে পৃথকে অান্দোলন চলাই অহাৰ বিপৰীতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ টাই অাহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া যুৱ সন্মিলন, সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন অাৰু সদৌ মৰাণ ছাত্ৰ সন্থাই যৌথ সংগ্ৰাম অব্যাহত ৰাখিছে।