বৰহাটঃ চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ নামত স্থাপন কৰা টিউৱেলসমূহ সম্প্ৰতি বগাহাতীলৈ পৰিণত হৈছে ৷

অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ চৰাইদেউ জিলাৰ সোণাৰি সংমণ্ডলৰ অধীনত স্থাপন কৰা এই টিউৱেলসমূহে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰঙচুৱা, আইৰণযুক্ত তথা ফ্ল’ৰাইডযুক্ত পানী যোগান ধৰাৰ বাবে ৰাইজে ইয়াৰ পানী ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে।

এতিয়া অপৰিষ্কাৰ পৰিৱেশৰ খাল, পুখুৰী, কুঁৱা, জান,নৈ আদিৰ পানীকে সেৱন কৰি আহিছে অঞ্চলটোৰ ৰাইজে।

পথৰ দাঁতিত নাইবা কোনো ব্যক্তিৰ বাৰীত স্থাপন কৰা এই টিউৱেলসমূহত অতি নিম্ন মানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি কম গভীৰতাত স্থাপন কৰাৰ বাবেই এনে হ'বলৈ পালে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।

সৰহ সংখ্যক টিউৱেলৰ পানী ৰঙচুৱা, তেলেতীয়া তথা দুৰ্গন্ধময় হোৱা বুলি ভূক্তভোগী ৰাইজে অভিযোগ কৰাৰ লগতে ব্যৱহাৰ নকৰাৰ কথাও উল্লেখ কৰি বিভাগীয় কতৃপক্ষই এই টিউৱেলসমূহ মেৰামতি কৰি দিলে ৰাইজ উপকৃত হ’ব বুলিও মন্তব্য কৰে ৷

এই সন্দৰ্ভত স্থানীয় ৰাইজে একাধিকবাৰ জনোৱাৰ পিছতো আজি পৰ্য্যন্ত টিউৱেলসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে উন্নয়নৰ নামত কোনো পদক্ষেপ হাতত নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।