Home বিশ্বগভীৰ কাব্যিক গদ্যৰে মানুহৰ কথা কোৱা কোৰিয়ান ভাষাৰ লেখিকা হান কাঙলৈ সাহিত্যৰ নোবেল

গভীৰ কাব্যিক গদ্যৰে মানুহৰ কথা কোৱা কোৰিয়ান ভাষাৰ লেখিকা হান কাঙলৈ সাহিত্যৰ নোবেল

by News Desk
A+A-
Reset
Han-Kang-Awarded

ষ্টকহোমঃ মাত্ৰ ৫ কোটি মানুহৰ এখন দেশ। মাত্ৰ কেইকোটিমান মানুহে কোৱা এটি ভাষা। দেশখন দক্ষিণ কোৰিয়া, ভাষাটো কোৰিয়ান ভাষা। তথ্য-প্ৰযুক্তিৰ লগতে চিনেমা-ছিৰিজেৰে সমগ্ৰ বিশ্বকে মন্ত্ৰমুগ্ধ কৰি ৰখাৰ পিছত সাহিত্যৰ ক্ষেত্ৰখনতো এইবাৰ বিশ্বজয় কৰিবলৈ সমৰ্থ হৈছে কোৰিয়ান ভাষাই। যিসময়ত ভাৰতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কোৱা লোকসকলে নিজ মাতৃভাষাৰ প্ৰতি পিঠি দি ইংৰাজীৰ প্ৰতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছে তেনে সময়তে মাতৃভাষা কোৰিয়ান ভাষাৰে সাহিত্যৰ সাধনা কৰা ৫৩ বছৰীয়া লেখিকা হান কাঙে লাভ কৰিছে ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল।

দ্য ছুইডিছ একাডেমীয়ে জনোৱা মতে ঐতিহাসিক আঘাতেৰে পৰিপূৰ্ণ ঘটনাৰাজিক সাহসিকতাৰে তুলি ধৰি ক্ষণস্থায়ী মানৱ জীৱনৰ ভংগুৰতাক প্ৰকাশ কৰা গভীৰ কাব্যৰে ভৰপূৰ গদ্যৰ বাবে কাঙলৈ আগবঢ়োৱা হৈছে এই সন্মান। ইয়াৰ লগে লগে দক্ষিণ কোৰিয়ান হিচাপে এই পুৰস্কাৰ জয় কৰি ইতিহাস ৰচনা কৰে কাঙে। আনহাতে এছিয়া মহাদেশৰ সাহিত্য নোবেল জয়ী প্ৰথমগৰাকী মহিলা লেখক হিচাপেও পৰিগণতি হয় হান কাং। ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোয়াংজু চহৰত জন্মগ্ৰহণ কৰা হান কাঙে ৯ বছৰ বয়সতে পৰিয়ালসহ ৰাজধানী ছিউলত বসতি কৰিবলৈ লয়। সৰুৰে পৰা সাহিত্যৰ এক পৰিৱেশ লাভ কৰিছিল কাঙে। তেওঁৰ পিতৃও এগৰাকী স্বনামধ্যন ঔপন্যাসিক। লেখা-মেলাৰ লগতে হান কাঙে শিল্প আৰু সংগীতৰ প্ৰতিও গভীৰভাৱে আকৃষ্ট হৈ পৰিছিল আৰু সাহিত্যকৰ্মত সেয়া প্ৰতিফলিত হোৱাও দেখা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0