বৰ্তমান যদিহে ভাৰতত পাকিস্তান আৰু চীনৰ সৈতে যুদ্ধ কৰাতো বিচাৰে নে নাই সেই লৈ গণভোট অনুষ্ঠিত কৰা হয় তেন্তে অধিকাংশ লোকেই যুদ্ধৰ সপক্ষে ভোটদান কৰিব! ছ’চিয়েল মিডিয়ালৈ চালেও দেখা যায় যে লক্ষ লক্ষ ভাৰতীয় উন্মাদৰ দৰে যুদ্ধপ্ৰেমী হৈ পৰিছে। অধিকাংশৰে মুখত এটাই কথা যে দেশৰ হৈ মৰিবলৈ তেওঁলোক সাজু আছে। বহুসময়ত সেনাক ঢাল হিচাপে লৈ ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে।
কিন্তু যুদ্ধ সঁচাকৈয়ে প্ৰয়োজনীয় নে? যুদ্ধৰ বিকল্প একো নায়েই নেকি? কেৱল মাত্ৰ যুদ্ধৰ জৰিয়তেহে দেশৰ প্ৰতি থকা প্ৰেম প্ৰদৰ্শন কৰিব পাৰি নেকি? যুদ্ধ নকৰাকৈ দেশক ভালপোৱাৰ, দেশপ্ৰেমিক হোৱাৰ প্ৰমাণ দিব নোৱাৰিনে? যুদ্ধক্ষেত্ৰত গুলীৱিদ্ধ হৈ মৰণকাতৰ যন্ত্ৰণাত ছটফটাই থকা সৈনিকৰ দুচকুত কাৰ ছবি ভাহি উঠে? যুদ্ধলৈ প্ৰেৰণ কৰা সেনাধিনায়কৰ নে ৰাষ্ট্ৰপতিৰ নে প্ৰধানমন্ত্ৰীৰ? নে মৃত্যুৰ পূৰ্বে সৈনিকৰ দুচকুত জ্বলি জ্বলি ছাই হৈ পৰে মাতৃৰ শেতাপৰা মুখ, পত্নীৰ ক্ৰন্দৰত চাৱনি আৰু দেউতা আহিব আহিব বুলি বাট চাই থকা সন্তানৰ মায়াসনা হাঁহিটোলৈ?