ডিজিটেল ডেস্কঃ শুকুৰবাৰে মোডী চৰকাৰে অন্তিম বাজেট দাখিল কৰাৰ পিছতেই প্ৰভাৱ পৰে শ্বেয়াৰ বজাৰত। নিম্নগামী হ’ল ছেনছেক্স, নিফটি৷ আৰম্ভণিতে ৫৮০ পইন্ট তলত নামি ছেনছেক্স হয় ৩৫,৩১৪.৯৭ পইন্টলৈ৷ আনহাতে, ৩০০ পইন্ট নামি নিফটি হয় ১০,৮২৬.৫০ পইন্ট৷

বিশেষজ্ঞসকলৰ মতে, বাজেটত এলটিছিজি টেক্সৰ যি প্ৰস্তাৱ লোৱা হৈছে সেই বাবেই শ্বেয়াৰ বজাৰত শুকুৰবাৰে পুৱা নিম্নগামী হয় ৷ ইফালে, আটাইতকৈ বেছি প্ৰভাৱ পৰে বেংকৰ শ্বেয়াৰত৷ নিফটি প্ৰাইভেট বেংক আৰু নিফটি ৰাজহুৱা বেংকৰ ষ্টকৰ দামো কমাই প্ৰায় ২ শতাংশ কৰা হয়৷

তদুপৰি, মেটাল, ফিনানছিয়াল ছাৰ্ভিছ আৰু আটোমবাইলৰ শ্বেয়াৰৰো নিম্নগামী হয়৷ ইফালে আইটি সংস্থাৰ শ্বেয়াৰত বিশেষ কোনো পৰিৱৰ্তন দেখা নগল৷