তিনিচুকীয়াঃ চুবুৰীয়া ৰাজ্য অৰুণাচলত অস্ত্ৰৰ ব্যৱসায়, ধনদাবী, অপহৰণ, হত্যাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে বুলি চৰ্চা আৰম্ভ হৈছে৷ দুদিন পূৰ্বে অস্ত্ৰ সৈতে দুগৰাকী যুৱকক সেনাই আটক কৰাৰ পিছতেই চুবুৰীয়া ৰাজ্য অৰুণাচলত এইবাৰ এগৰাকী ব্যৱসায়ীক অপহৰণ কৰাৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
সেনা-অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা অৰুণাচালৰ চাংলাঙৰ পৰা ব্যৱসায়ী তথা ঠিকাদাৰ চ্চাৰু টানাক কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে৷ দিৰাপ পথাৰৰ পৰা ঠিকাদাৰজনক অপহৰণ কৰে৷
অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা সেনা-আৰক্ষীয়ে ব্যৱসায়ীগৰাকীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই৷ আনহাতে ব্যৱসায়ীগৰাকীৰ পৰিয়ালে চিন্তাত দিন পৰা কৰিছে৷ অপহৰণ কাণ্ডৰ সৈকে এনএছচিএন জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও এতিয়ালৈ সংগঠনটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ চাংলাং অঞ্চলত পথ নিৰ্মাণৰ কামত জৰিত হৈ আছিল ঠিকাদাৰজন।