Deccan Chronicle
Deccan Chronicle

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে বামপন্থী আৰু দক্ষিণপন্থী ৰাজনীতিৰ সৈতে ফেৰ মাৰিবলৈ আগবাঢ়িছে৷ এইবাৰ বেনাৰ্জীৰ চৰকাৰে আৰএছএছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ শেহতীয়াকৈ মমতাৰ চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যখনত আৰএছএছৰ সৈতে সম্পৰ্ক থকা সকলো বিদ্যালয়কে বন্ধ কৰি দিয়া হ’ব৷

ইয়াৰোপৰি ৰাজ্যখনৰ কিছু সংখ্যক বিদ্যালয়ত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি ধৰ্মীয় পৰিপন্থীমূলক শিক্ষা প্ৰদান কৰি অহা হৈছে বুলি অভিযোগ উত্থাপন কৰে চৰকাৰে৷ এনেদৰে ধৰ্মীয় গণ্ডীৰ ভিতৰত ৰাখি শিক্ষাদান কৰা নীতিক আগবাঢ়ি যাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰে চৰকাৰে৷ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কয় যে, ৰাজ্যখনত আৰএছএছৰ সৈতে সম্পৰ্ক থকা ১২৫খন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে৷

২০১৭ চনৰ মাৰ্চ মাহত ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত দিয়া আৱেদনৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া চলি আছিল৷ জানিব পৰা মতে, সাৰদা শিশু তীৰ্থ, সৰস্বতী শিশু মন্দিৰ আৰু বিবেকানন্দ বিকাশ পৰিষদ নামৰ ন্যাসে ওপৰত ভিত্তি কৰি ১২৫ খন স্কুল চলি আহিছিল৷ এই ন্যাস সমূহ বিদ্যা ভাৰতী অখিল ভাৰতী শিক্ষা সংস্থানৰ সৈতে জড়িত বুলি জানিব পৰা যায়৷

শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কয়, পশ্চিমবংগত ৪০০তকৈও অধিক আৰএছএছৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলা বিদ্যালয় আছে বুলি কয়৷ এই বিদ্যালয়সমূহৰ ভিতৰত ১২৫খন এনঅ’চি নোহোৱাৰ পৰিপ্ৰেক্ষিতত বন্ধ কৰি দিয়া হৈছে৷ আমি এই বিদ্যালয়সমূহৰ বাদেও আৰু বিদ্যালয়ৰ অনুসন্ধান কৰিব লাগিব৷ এই ১২৫খন বিদ্যালয়ত কিছুসংখ্যক কট্টৰপন্থী ছাত্ৰ থকাৰ কথা জানিব পৰা গৈছে৷ চেটাৰ্জীয়ে মাদ্ৰাছাৰ কথা উল্লেখ কৰি, মাদ্ৰাছাসমূহ মোৰ আওঁতাত নাই বুলি কয়৷

কিছু মান্যতা প্ৰদানৰ বাবেহে তদন্ত কৰা হৈছে৷ মই ইয়াৰ শুদ্ধ স্থিতিৰ বিষয়ে অৱগত নহওঁ৷ ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বিধানসভাত আৰএছএছৰ এই বিদ্যালয়সমূহত শিক্ষা দান কৰাৰ নামত লাঠিচালনা কৰিবলৈহে শিকোৱা হয় বুলি অভিযোগ উত্থাপন কৰিছিল৷ মই এই বিষয়টো সমাধান নোহোৱালৈ যুঁজি যাম, প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰো কাষ চাপিম বুলি পাৰ্থ চেটাৰ্জীয়ে মন্তব্য আগবঢ়ায়৷