ডিজিটেল ডেস্কঃ এদিন সকলোৱে যাব লাগিব অচিনা দেশলৈ৷ পৃথিৱীৰ মায়া, মোহ ত্যাগ কৰি সকলোৱে যাব লাগিব এয়া চিৰন্তন সত্য৷ কিন্তু এনে কিছু মানুহৰ অকাল মৃত্যু হয় যাক সহজে লব নোৱাৰি৷ তেনে লোকৰ মৃত্যুত ফেকুৰি উঠিছে সমগ্ৰ দেশ৷ মৃত্যুৱে কন্দুৱাইছে বহুতকে৷ হয়, সৌন্দৰ্য্য আৰু দুৰন্ত প্ৰতিভাৰ অধিকাৰী অভিনেত্ৰী শ্ৰীদেৱীৰ কথাকে কৈছো৷
যোৱা চাৰিটা দিনেই যাৰ মৃত্যুত ম্ৰিয়মান হৈ পৰে সমগ্ৰ দেশ৷ যাৰ অগণন গুণগ্ৰাহী আছে সমগ্ৰ বিশ্বত৷ যাৰ এটা চমক পাবলৈ উদ্বাউল হৈ থাকে অজস্ৰজন৷ যোৱা চাৰিদিনে অজস্ৰ ফেনে প্ৰমাণ কৰে শ্ৰীদেৱী সকলোৰে আপোন আছিল৷ ফেনসকলে প্ৰমাণ কৰে মৃত্যু জীৱনৰ পৰিসমাপ্তি নহয়৷ সদায় শ্ৰীদেৱী অমৰ হৈ থাকিব৷ এই মৃত্যু অৱধাৰিত যদিও মৃত্যুৱে একো একোজন লোকক উজলাই থৈ যায় পৃথিৱীৰ বুকুত৷ সেয়া বাস্তৱ হৈ পৰিছে৷ বুধবাৰে অনুৰাগীয়ে ৰাজকীয় সন্মানেৰে চিৰ বিদায় জনাই শ্ৰীদেৱীক৷
শ্ৰীদেৱীক লাল শাৰীৰে কইনাৰ বেশত সজোৱা হয়৷ আ-অলংকাৰ পিন্ধাই বিদায় দিয়ে৷ পঞ্চভূতত বিলীন হ’ব শ্ৰীদেৱীৰ নশ্বৰদেহ৷ কিন্তু অনুৰাগীৰ অন্তৰৰ পৰা কেতিয়াও বিস্মৃতি হৈ নাযায় শ্ৰীদেৱীৰ স্মৃতি৷ হাঁহি কান্দোনৰ অজস্ৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল শ্ৰীদেৱীয়ে৷ প্ৰতিখন বোলছবিত কৰা অভিনয়ে চিনেমা হ’লত আপোন পাহৰা কৰিছিল প্ৰতিগৰাকী দৰ্শকক৷ দৰ্শকৰ অন্তৰত ঠাই দখল কৰিছিল৷
বলিউডৰ প্ৰথমগৰাকী চুপাৰষ্টাৰ আখ্যা পোৱা শ্ৰীদেৱীয়ে অৱশেষত সকলোকে কন্দুৱাই চিৰ বিদায় ললে৷ ১৯৭৮ চনত ‘চলওৱা চাৱন’ নামৰ হিন্দী বোলছবিৰ জৰিয়তে বলিউডৰ জগতত ভৰি থৈ কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰা একালৰ মোহময়ী অভিনেত্ৰীগৰাকী আৰু নাই৷ সৌন্দৰ্য্য আৰু দুৰন্ত প্ৰতিভাৰ অধিকাৰী অভিনেত্ৰী গৰাকীয়ে ১৯৭৮ চনৰ পৰা অভিনয় আৰম্ভ কৰি কম সময়ৰ ভিতৰতে ভাৰতীয় চিনেমাত কেইবাখনো আগশাৰীৰ বোলছবিত অভিনয় কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল৷
জিতেন্দ্ৰৰ সৈতে হিম্মতৱালাত অভিনেত্ৰীৰূপে অভিনয় কৰি কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰে৷ কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰা অভিনেত্ৰীগৰাকীয়ে ১৯৮৩ চনত মাৱালি, ১৯৮৪ চনত মিষ্টাৰ ইণ্ডিয়া, ১৯৮৭ চনত চান্দনি, জুডাই, নাগিজনাত অভিনয় কৰি দৰ্শকৰ অন্তৰ জয় কৰাৰ লগতে বক্স অফিচত চুপাৰ-ডুপাৰ হিট অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল৷ অনিল কাপুৰৰ সৈতে মিষ্টাৰ ইণ্ডিয়া বোলছবিত হাৱা হাৱাইয়ে, আৰু আই লাভ ইউ শীৰ্ষক গীতত নৃত্য কৰি ব্যাপক চৰ্চালৈ আহিছিল৷
১৯৮৩ চনত চদমা, ১৯৯১ চনত লমহে আদি ছবিত কৰা অভিনয়ৰে জিলিকি উঠিছিল শ্ৰীদেবী। প্ৰযোজক বনি কাপুৰৰ সৈতে ১৯৯৬ চনত বিবাহ পাশত আৱদ্ধ হৈ দীৰ্ঘ সময় ৰূপালী পৰ্দাত ভূমকি মৰা নাছিল শ্ৰীদেৱীয়ে। তাৰ পিছত ২০১২ চনত পুনৰ অভিনয়ৰ জগতলৈ উভতি আহে৷ সেই বছৰতে তেওঁ বিশেষ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে৷ দৰ্শকে পুনৰ প্ৰশংসা কৰে শ্ৰীদেৱীৰ অভিনয়ক৷
তাৰ পিছতেই ‘মম’ ছবিত অভিনয় কৰে৷ শ্বাহৰুখ খানৰ সৈতে ‘জিৰ’ ছবিতো বিশেষ চৰিত্ৰত ভুমুকি মাৰে৷ তেওঁ দক্ষিণ ভাৰতৰ বোলছবিৰ লগতে তেলেগু, মালয়ালাম, কানাড়া আদি ভাষাৰ বোলছবিত অভিনয় কৰিছিল৷ তেওঁ ষষ্ঠ ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰিছিল৷ ২৪ ফেব্ৰুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় ডুবাইত৷ অভিনেতা অনিল কাপুৰৰ খুলশালীৰ বিবাহৰ অনুষ্ঠানত অংশ ল'বলৈ ডুবাইলৈ গৈছিল৷ তেঁওৰ অকাল মৃত্যুত গুণগ্ৰাহী শোকত ভাগি পৰে৷
মঙলবাৰে নিশা শ্ৰীদেৱীৰ মৃতদেহ বিশেষ বিমান যোগে মুম্বাইলৈ লৈ অহা হয়৷ তাৰ পিছতেই অভিনেতা, অভিনেত্ৰীৰ সোঁত বয় বনী কাপুৰৰ গৃহলৈ৷ বুধবাৰে মুম্বাইৰ লখনৱালাৰ বনী কাপুৰৰ গৃহ গ্ৰীন একাৰ্চৰ পৰা হাজাৰ হাজাৰ লোকে শ্ৰীদেৱীৰ নশ্বৰদেহলৈ সমদল কৰি পৱন হংস শ্মশানলৈ অন্তিম যাত্ৰা কৰে৷ বলিউডৰ তাৰকা, ৰাজনেতাৰ উপস্থিতিত পৱন হংস শ্মশানত ৰাজকীয় সন্মানেৰে চিৰ বিদায় জনালে শ্ৰীদেৱীক৷
বুধবাৰে পুৱাৰে পৰা চেলিব্ৰেছন ক্লাৱ চৌহদত অভিনেতা-অভিনেত্ৰী, পৰিচালক, প্ৰযোজক অজস্ৰ ফেনে সমৱেত হৈ অন্তিম দৰ্শনৰ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ অন্তিম শয়নত শ্ৰীদেৱীক স্মৰণ কৰে সকলোৱে৷ শ্ৰীদেৱীৰ লাল সাজেৰে কইনাৰ দৰে সজোৱা হয়৷