ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডত কংগ্ৰেছ দলে ২৯খন, মেঘালয়ত বিজেপিয়ে ২৩খন আৰু ত্ৰিপুৰাত বিজেপি দলে ৩৮খন আসনত আগবাঢ়ি আছে৷ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২ গৰাকী আৰু নাগালেণ্ড ১৯৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পূৰ্বে উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ বিশেষত্বৰ বিষয়ে জানিবলৈ পঢ়ক....................
মেঘালয়
১. মেঘালয়ত ট্ৰেকিং, কেবিং, হেণ্ড গ্লাইদিং, আৰু ৱাটাৰ স্পৰ্টছক দৰে বহুতো মনোৰঞ্জনধৰ্মী খেল আছে৷
২. মেঘালয়ৰ ৰাজধানী শ্বিলঙক ‘উত্তৰ-পূবৰ স্কটলেণ্ড’ নামেৰে জনা যায়৷
৩. মেঘালয় পূৰ্বে অসমৰ অন্তৰ্গত আছিল৷ কিন্ত ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাছী, গাৰো আৰু জয়ন্তীয়া পাহাৰীয়া দিলাক একত্ৰিত কৰি মেঘালয় ৰাজ্য হিচাপে গঠিত হয়৷
৪. মেঘালয়ৰ মূখ্য ভাষা ইংৰাজী৷ ইয়াৰোপৰি খাছী, পনাৰ আৰু গাৰো ভাষাও কথিত ভাষা হিচাপে ব্যৱহৃত হয়৷
৫. মেঘালয়ৰ ৭০ শতাংশ অঞ্চল জংগলে আৱৰা৷ যাৰ বাবে মেঘালয় এছিয়াৰ ভিতৰতে বনস্পতিৰ বাবে বিখ্যাত৷
ত্ৰিপুৰা
১. ১০,৪৯১ বৰ্গ মাটিকালি জুৰি থকা ত্ৰিপুৰা ভাৰতৰ ভিতৰত তৃতীয়খন সৰু ৰাজ্য হিচাপে পৰিগণিত৷ ত্ৰিপুৰাত ৰেল লাইন কেৱল ৬৬ কিলোমিটাৰহে আছে৷
২. ত্ৰিপুৰাৰ মূখ্য ভাষা হ’ল বেংগলী আৰু ককবৰক৷ অৱশ্যে ত্ৰিপুৰাত সৰহসংখ্যক মানুহেই বাংলা ভাষা ব্যৱহাৰ কৰে৷
৩. ত্ৰিপুৰাৰ লোকসকলৰ মূল ব্যৱসায়ৰ উদ্যোগ হৈছে হস্ত তাঁত-বস্ত্ৰ শিল্প৷
৪. দুৰ্গাপূজা হৈছে ত্ৰিপুৰাৰ প্ৰধান উৎসৱ৷
৫. ত্ৰিপুৰাৰ মূখ্য পৰ্যটন ক্ষেত্ৰ হৈছে আগৰতলা, উদয়পু, ত্ৰিপুৰা সুন্দৰী মন্দিৰ, নীল মহল, জামপুই পাহাৰ, সেফাজালা, পিলক আৰু মহামুনি৷
নাগালেণ্ড
১. মেঘালয়ৰ দৰে নাগালেণ্ডো প্ৰথমে অসমৰ অধীনত আছিল৷
২. ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত নাগালেণ্ডৰ নগা সকলেও স্বাধীন ৰাজ্যৰ দাবী জনায় আহিছিল৷ স্বাধীনতাৰ পিছত ১৯৬৩ চনৰ ১ ডিচেম্বৰ তাৰিখে নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়৷
৩.নাগালেণ্ডত ১৬টা জনজাতিৰ লোকে বসবাস কৰি আহিছে৷ ইয়াৰ ভিতৰত আও, আংগামী, চাংগ,
ডিমাছা কছাৰী, কন্যাক, লোথা, ৰেংগমা, কুকি, আৰু জেলিয়াঙ অন্যতম৷
৪. নাগালেণ্ডত পৰ্যটকৰ আকৰ্ষণৰ বাবে ট্ৰেকিং, ৰক ক্লাইম্বিং, জংগল কেম্পিঙৰ দৰে খেল উপলদ্ধ আছে৷
৫. নাগালেণ্ডত সকলোতকৈ ওখ সৰু পৰ্বত সহামতি আছে৷ যাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৩৮৪০ মিটাৰ৷