ডিজিটেল ডেস্কঃ মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলােৱাৰ পিছত তৃতীয়টো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হৈছে দেশত৷

পশ্চিম বংগৰ কলকাতাত সংঘটিত হৈছে এই ঘটনা৷ পশ্চিং বংগত বিজেপি আদৰ্শ তথা জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তি ভাঙি পেলোৱাৰ চেষ্টা কৰে বুধবাৰে৷ ত্ৰিপুৰা, তামিলনাডুৰ পিছত এইবাৰ কলকাতাত এই ঘটনা সংঘটিত হয়৷

মূৰ্তি ভঙাৰ খেল হে যেন আৰম্ভ কৰিলে ত্ৰিপুৰাৰ বিজেপিয়ে৷ ত্ৰিপুৰাত বিজেপিয়ে এই খেল খন আৰম্ভ কৰাৰ পিছতেই দেশ ব্যাপি আৰম্ভ হ’ব ধৰিলে মূৰ্তি ভঙাৰ কলা অধ্যায়ৰ৷ কলকাতাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তি ভঙাৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়ে অসন্তোষ প্ৰকাশ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে৷

ত্ৰিপুৰাত হিজেপিয়ে চৰকাৰ গঠনৰ প্ৰাকমুহূৰ্তত লেনিনৰ মূৰ্তি ভাঙি গৰিহণাৰ পাত্ৰ হৈছেল বিজেপি৷ এই ঘটনাৰ যৱনিকা পৰাৰ বিপৰীতে বিজেপি নেতাই টুইট কৰি ইভি ৰামাস্বামীৰ মূৰ্তি ভঙাৰ বাবে উৎসাহিত কৰিছিল৷ তাৰ পিছতেই বিজেপি নেতাই আক্ৰমণ কৰে ইভি ৰামাস্বামীৰ আৱক্ষ মূৰ্তিত৷

এইবাৰ শাসক বিজেপিৰ দৰেই বিৰোধী লিপ্ত হ’ল মূৰ্তি ভঙাৰ খেলত৷ কলকাতাত হাতুৰিৰে জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তিত আক্ৰমণ কৰে দুৰ্বৃত্তই৷ ইমানে নহয় মূখত কলা চিয়াহী সানে শ্যামা প্ৰসাদৰ মূৰ্তিত৷ ৰেডিকল নামৰ সংগঠন এটাই এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে৷

যাদৱপুৰ বিশ্ববিদ্যালয়ত এই সংগঠনটোৱে আজাদিৰ শ্ল’গান দি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ যোৱা দুদিনৰ মূৰ্তি ভঙাৰ ঘটনাক আন আন দলে সমালোচনা কৰিছিল৷ এইবাৰ খোদ প্ৰধানমন্ত্ৰীয়ে ততাতৈয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ইয়াৰ লগে লগে মূৰ্তি ভঙা ঘটনাৰ সৈতে জৰিত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সকলো ৰাজ্যক নিৰ্দেশ প্ৰেৰণ কৰে কেন্দ্ৰই৷ এই কথা প্ৰকাশ কৰিছে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে৷

ৰাজ নাথে কয়, নিৰ্দেশত উল্লেখ আছে দেশৰ বিভিন্ন প্ৰান্তত মূৰ্তি ভঙাৰ খবৰ আহিছে৷ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী চৰম অসন্তষ্ট৷ যোৱা ০৫ মাৰ্চত আগৰতলাৰ বেলনিয়া কলেজ চৌহদত থকা লেনিনৰ মূৰ্তি বিজেপিৰ সমৰ্থকে ভাঙি পেলায়৷ বিজেপিৰ সমৰ্থকে এক্সকেভেটৰেৰে মূৰ্তিটো ভাঙে৷

আজীৱন সৰ্বহাৰাৰ হকে কাম কৰা, সম-অধিকাৰ আন্দোলনৰ হোতা পেৰিয়াৰ ইভি ৰামাস্বামীৰ মূৰ্তিত আক্ৰমণ কৰে বিজেপি নেতাই৷ গেৰুৱা বাহিনীৰ কোপ দৃষ্টিত পৰিছে দ্ৰাবিড় নেতা পেৰিয়াৰ ইভি ৰামাস্বামী৷ মঙলবাৰে নিশা একাংশ দুৰ্বৃত্তই তামিলনাডুৰ তিৰুপাট্টু চহৰস্থিত মূৰ্তিটো ভাঙিবৰ বাবে চেষ্টা কৰে৷ এগৰাকী আগশাৰীৰ বিজেপি নেতা সহ তিনিজন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ এইচ ৰাজা নামৰ এগৰাকী বিজেপি নেতাই টুইট কৰাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে৷ 

ইতিমধ্যে শ্যামা প্ৰসাদৰ মূৰ্তিত আটক কৰাৰ অভিযোগত ৬গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে৷