ডিজিটেল ডেস্কঃ এসময়ৰ দুৰ্ধৰ্ষ ডন ডাউদ ইব্ৰাহিমে ভাৰতলৈ উভতি আহিব খোজাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ ডাউদৰ অধিবক্তাৰ মতে, কুখ্যাত অপৰাধী ডাউদে চৰ্ত সাপেক্ষে দেশলৈ উভতি আহিব খোজে যদিও দেশৰ চৰকাৰে মান্তি হ’ব খোজা নাই৷ ডাউদ ইব্ৰাহিমৰ অধিবক্তা শ্যাম কেচৱানীয়ে কিছু চৰ্ত সাপেক্ষে দেশলৈ উভতি আহিব খোজে বুলি কয়৷ 

কিন্তু তেওঁৰ চৰ্ত চৰকাৰে মানি লব নোখোজে তাৰ ফলত ডাউদ দেশলৈ উভতি নাহে৷ দাউডৰ ভাতৃ ইকবাল ইব্ৰাহিমৰ বিৰুদ্ধে চলি থকা গোচৰৰ শুনানিৰ কালত মুম্বাইৰ থানেত উপস্থিত হোৱাৰ সময়ত অধিবক্তা কেচবনায়ী কয়, ডাউদৰ মতে ভাৰতৰ সকলোতকৈ সুৰক্ষিত জেল মুম্বাইৰ আৰ্থাৰ ৰোডৰ জেলত তেওঁ থাকিব খোজে৷

অধিবক্তাগৰাকীয়ে দাউডে বহু বছৰৰ পৰাই দেশলৈ উভতিব বিছাৰে বুলি কৈ দেশৰ জ্যেষ্ঠ অধিবক্তা ৰাম জেঠ মালিনীৰ সৈতে কথা পতা বুলি কয়৷ ইয়াৰ পিছতো কথা আগবঢ়া নাই বুলি কয়৷ মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ নেতা ৰাজ ঠাকৰেই প্ৰায় ৬ মাহ পূৰ্বে ডাউদ এতিয়া ৰোগীয়া হৈ পৰিছে বুলি কৈ এতিয়া দেশলৈ উভতি আহিব বিছাৰে বুলি কয়৷ ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ মাষ্টৰ মাইণ্ড আছিল ডাউদ৷ 

বোমা বিস্ফোৰণৰ পূৰ্বে তেওঁ দেশ এৰি গুছি গৈছিল৷ ডুবাইৰ পৰা গৈ পাকিস্তানত বাস কৰি থকা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷ পাকিস্তানৰ অনুসন্ধান সংস্থা আইএছআইৰ সহযোগত সম্ৰাজ্য চলাই থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ আনহাতে পুত্ৰই নিত্যান্তই পাৰিবাৰিক সংঘাতৰ বাবে ডাউদৰ সংগ এৰা বুলি প্ৰকাশ হৈছিল৷ 

ডাউদৰ একমাত্ৰ পুত্ৰ মইন নোৱাজ ডি কাচকৰে পাৰিয়ালক গুৰুত্ব প্ৰদান নকৰি, অবৈধ কাম কাজ, ব্যৱসায় ত্যাগ কৰি ধৰ্মৰ কামত লাগিছে বুলি খোদ ডাউদৰ ভাতৃয়ে প্ৰকাশ কৰিছিল। একমাত্র পুত্ৰই এইদৰে বিশাল সাম্ৰাজ্য এৰি যোৱাত গভীৰ হতাশাত ভুগিছে বুলিও প্ৰকাশ।

২০১৭ চনৰ ছেপ্তেম্বৰত মুম্বাই আৰক্ষীৰ হাতত ধৰা পৰিছিল ডাউদৰ সৰু ভাতৃ ইকবাল ইব্রাহিম কাচকৰ। ইকাবলক সোধ-পোছ কৰাত এই তথ্য পোহৰলৈ আহে৷
বেআইনি কাম-কাজৰ কাৰণে সমগ্ৰ বিশ্বতে যি বদনাম লাভ কৰিছে। যাৰ বাবে বিশাল সম্পত্তি এৰি পুত্ৰই সকলো এৰি থৈ যায়।