ডিজিটেল ডেক্সঃ ১৪ বছৰ জেলত কটাব লাগিব আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱে৷ এয়াই নহয় ৰাজকোষক উভতাই দিব লাগিব ৬০ লাখ টকা৷ পশু খাদ্য কেলেংকাৰীৰ অধিনৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত শনিবাৰে শাস্তি ঘোষণা কৰো চিবিআইৰ বিশেষ আদালতে৷ 

দুটা সুকীয়া গোচৰত লালুক দুটা বিশেষ ধাৰাত ৭ বছৰ ৭ বছৰ জেল ঘোষণা কৰে৷ আনহাতে দুয়োটা ধাৰাত ৩০ লাখ ৩০ লাখ টকা জৰিমণা বিহে৷ জৰিমণা নিদিলে অতিৰিক্ত ২ বছৰ জেলত বেছিকৈ থাকিব লাগিব লালুৱে৷

প্ৰায় ৩ কোটি চৰকাৰী টকা অবৈধ ভাৱে আৱন্টন দিয়াি এই গোচৰ৷ আনহাতে লালু প্ৰসাদ যাদৱৰ অধিবক্তাই এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত যোৱাৰ কথা ঘোষণা কৰে৷ 

যোৱা ১৯ মাৰ্চত লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰে চিবিআইৰ বিশেষ আদালতে৷ একেটা গোচৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰ, সাংসদ জগন্নথ শৰ্মাক নিৰ্দোষী ঘোষণা কৰা হৈছিল৷ লালুৰ লগতে মনোৰঞ্জন প্ৰসাদ, অজিত শৰ্মা, বিমল কান্ত দাসক দোষী সাব্যস্ত কৰা হয়৷

চিবিআইৰ বিশেষ আদালতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰক বিহাৰৰ পশু খাদ্য কেলেংকাৰীৰ সন্দৰ্ভত নিৰ্দোষী ঘোষণা কৰিছিল৷ আন এগৰাকী মুখ্যমন্ত্ৰী, আৰজেডি নেতা লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰে৷

পূৰ্বৰে পৰা পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰৰ কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈ লালু প্ৰসাদ যাদৱ ৰাঁচিৰ বিৰছা মুণ্ডা জেলত ইতিমধ্যে বন্দী হৈ আছে৷ 

লালুৰ বিৰুদ্ধে থকা চতুৰ্থটো গোচৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত শনিবাৰে শাস্তি ঘোষণা কৰি ১৪ হছৰৰ জেল আৰু ৬০ লাখ টকা জৰিমণা বিহে৷ লালু প্ৰসাদ যাদৱ হঠাৎ অসুস্থ হৈ পৰাত ৰাঁচিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল ১৭ মাৰ্চত৷ লালু প্ৰসাদ যাদৱে আদালতত উপস্থিত থাকে৷ চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ শিৱপাল সিঙে শাস্তিৰ ৰায় দান প্ৰদান কৰে৷

চিবিআইৰ বিশেষ আদালতে আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰ সহ ৩১ গৰাকী লোকৰ বিৰুদ্ধে এই গোচৰ চলাইছিল৷ চিবিআইৰ বিশেষ আদালতে পূৰ্বে তিনিটা গোচৰৰ ৰায় ঘোষণা কৰি শাস্তি ঘোষণা কৰাৰ ফলত বিৰচা মুণ্ডা জেলত বন্দী হৈ আছে লালু৷

উল্লেখ্য যে, ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী সাব্যস্ত কৰি লালু প্ৰসাদ যাদৱক তিনি বছৰ ৬ মাহ জেল আৰু ৫ লাখ টকা জৰিমণাৰ সৈতে শাস্তি ঘোষণা কৰিছিল৷ ৬ জানুৱাৰীত বিচিআইৰ বিশেষ আদালতে লালু প্ৰসাদ যাদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰিছিল৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰিছিল৷ ১৯৯০ আৰু ১৯৯৪ চনত সংঘটিত এই ঘটনাৰ গোচৰ ৰুজু হৈছিল ১৯৯৭ চনত৷ চতুৰ্থটো গোচৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত সোমবাৰে ৰায় দিয়ে আদালতে৷ সেই সময় লালু আছিল বিহাৰৰ মুখ্যমন্ত্ৰী৷