ডিজিটেল ডেস্কঃ পাকিস্তানৰ দিশেৰে বৈ যোৱা নদীৰ পানীৰে এইবাৰ দেশৰ জলসংকট দূৰ কৰিব কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰে হাতত লোৱা নতুন আঁচনিৰ জৰিয়তে হাৰিয়ানা, পঞ্জাৱ তথা ৰাজস্থান আদি ৰাজ্য জলসংকটৰ পৰা পৰিত্ৰাণ লাভ কৰিব৷ এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় জলসিঞ্চন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ 

ভাৰতীয় উদ্যোগ পৰিসংঘত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ গাডকাৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰে দেশত এক নতুন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰিছে৷ নতুন আঁচনি অনুসৰি নলা-নৰ্দমাৰ পানীৰ পৰিৱৰ্তে পাইপ সংযোজন পদ্ধতিৰে কৃষকক পানী যোগান ধৰিব চৰকাৰে৷ ইয়াৰ জৰিয়তে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ব্যৱহৃত হৈ অহা ৬ হাজাৰ কোটি টকা ৰাহি হ’ব৷  

আনহাতে গোদাবৰী নদীৰ সন্দৰ্ভত গাডকাৰীয়ে কয়, অন্ধ্ৰপ্ৰদেশৰ পোলাবৰমৰ মাজেৰে বৈ যোৱা গোদাবৰী নদীৰ ওপৰত ৬০ হাজাৰ কোটি টকাৰ ব্যয়ৰে নদী বান্ধ নিৰ্মাণ কৰি থকা হৈছে ইৰাৱতী নৈৰ কোৱাল সোঁতক ৰোধ কৰিবলৈ৷ এই ইৰাৱতী নৈ হৈছে গোদাবৰী নদীৰ উপনৈ আৰু এই উপনৈখন বৈ গৈছে ঘন অৰণ্যৰ মাজেৰে৷ 

তদুপৰি কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক স্থিত কৰবাৰ বন্দৰক উন্নত কৰাৰ পোষকতা কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ যদি কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তত কৰ্ণাটক চৰকাৰে সন্মতি প্ৰদান কৰে, তেন্তে এই আঁচনিৰ ক্ষেত্ৰত ৩ হাজাৰ কোটি টকা খৰচ কৰা হ’ব বুলি ঘোষণা কৰে৷