ডিজিটেল ডেক্সঃ বিহাৰত দুই সাংবাদিকৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বাতৰি সংগ্ৰহৰ বাবে সতীৰ্থৰ সৈতে গৈ থকা অৱস্থাত এখন স্কৰপিঅ' গাড়ীয়ে খুন্দিয়াই সাংবাদিকক হত্যা কৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে৷

ভোজপুৰ জিলাৰ আৰা-চাচাৰাম মুখ্য পথত অনিয়ন্ত্ৰিত স্কৰপিঅ'খন খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় নবিন নিশ্চল আৰু বিজয় সিং৷ 

বিহাৰৰ ভোজপুৰত দেওবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত দুজন সাংবাদিক নিহত হোৱাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে।

দৈনিক ভাস্কৰ নামৰ কাকত খনৰ সাংবাদিক নবীন নিশ্চল আৰু তেওঁৰ সহকৰ্মী বিজয় সিঙে মটৰচাইকেলেৰে আৰালৈ গৈ থকাৰ সময়ত তেওঁলোকক এখন স্কৰপিঅ' এছ ইউ ভিয়ে মহতিয়াই নিয়ে। 

স্কৰপিঅ'খন স্থানীয় এজন গাঁওবুঢ়া মহম্মদ হাৰছুৱে চলাইছিল বুলি জানিব পৰা গৈছে। স্কৰপিঅ'খনত গাঁওবুঢ়া মহম্মদ হাৰছুৰ পুত্ৰও আছিল বুলি জানিব পৰা যায়৷ 

দুৰ্ঘটনাৰ পাছতে উত্তেজিত জনতাই গাড়ীখন জ্বলাই দিয়ে। মহম্মদ হাৰছু আৰু তেওঁৰ পুত্ৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে জনোৱা মতে মহম্মদ হাৰছুৰ বিৰুদ্ধে বহুতো অপৰাধৰ গোচৰ ৰুজু হৈ আছে। পিতা-পুত্ৰ বৰ্তমানো পলাতক।