ডিজিটেল ডেস্কঃ খাপ পঞ্চায়তে বিবাহৰ ক্ষেত্ৰত নিজে গ্ৰহণ কৰা বিভিন্ন নীতি-নিয়ম খটুৱাই বিভিন্ন সময়ত যুৱক-যুৱতীক বিয়াত বাধা দি আহিছে৷

জাত-পাত, উচ্চ-নীচ ভেদাভেদ কৰি খাপ পঞ্চায়তে বিভিন্ন সময়ত নিৰ্দেশ জাৰি কৰি বিবাহৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়াৰ খবৰ প্ৰচাৰ হয়৷

এই ক্ষেত্ৰত খাপ পঞ্চায়তৰ বিৰুদ্ধে এগৰাকী লোকৰ আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে খাপ পঞ্চায়তৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই দুজন লোকে বিবাহত আৱদ্ধ হলে তৃতীয় কোনো লোকে প্ৰত্যাহ্বান হৈ থিয় দিব নোৱাৰে বুলি স্পষ্ট কৰে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ তথা ন্যায়াধীশ এ কে খানউইলকাৰ আৰু ডি ৱাই চন্দ্ৰসূদৰ  বিচাৰপীঠে কয় যে, দুজন প্ৰাপ্ত বয়স্কৰ বিবাহৰ ক্ষেত্ৰত খাপ পঞ্চায়তৰ বাদেও অভিভাৱকে বাধা প্ৰদান কৰিব নোৱাৰে৷

দেশৰ ‘শক্তিবাহিনী’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে সৰ্বোচ্চ ন্যায়ালয়ত লিখিত আবেদন দাখিল কৰিছিল ‘খাপ’ পঞ্চায়তৰ বিৰুদ্ধে৷ খাপ পঞ্চায়তৰ দৰে স্বৈৰাচাৰী সংগঠনে বয়স্ক লোকৰ বিবাহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি অহা বিষয়টো মীমাংসা কৰিবৰ বাবে শক্তিবাহিনীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল৷ 

উল্লেখ্য যে, খাপ পঞ্চায়তে ভিন্ন জাতি-ধৰ্মৰ মাজত হোৱা বিবাহত কোনোধৰণৰ বাধা প্ৰদান নকৰে৷ বৰঞ্চ এই খাপ পঞ্চায়তে গোত্ৰীয় বিবাহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে বুলি কয়৷