দিল্লীঃ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য খনৰ দল-সংগঠনে অসমত প্ৰতিবাদ অব্যাহত ৰখাৰ সমসতে কংগ্ৰেছৰ সাংসদে দিল্লীত সংসদ ভৱন চৌহদৰ গান্ধী মূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
Rajya Sabha & Lok Sabha Mps from Assam today staged protest with Dharna in front of Mahatma Gandhi statue of parliament house protesting against the anti -women attitude of Assam BJP govt move to convert the only women university of Assam to an institute.@RahulGandhi @INCIndia pic.twitter.com/XGG0mzWmEG
— Ripun Bora (@ripunbora) March 28, 2018
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাৰ নেতৃত্বত আৰু ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, গৌৰৱ গগৈৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সাংসদসকলে৷
It is unfortunate that @sarbanandsonwal ji who goes from one publicity program to another spending crores of public money is failing to address basic demands. #BetiBachaoBetiPadhao is a joke. https://t.co/kjgCV6Ufju
— Sushmita Dev (@sushmitadevmp) March 28, 2018
বিজেপি ইজ এন্টি ৱ'মেন, চেভ আসাম ৱ'মেন ইউনিৰ্ভাছিটি লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে সাংসদসকলে৷ বিজেপি চৰকাৰক নাৰী বিৰোধী আখ্যা দিয়ে কংগ্ৰেছ সাংসদসকলে ৷ আনহাতে কংগ্ৰেছ সাংসদসকলে ধৰ্ষণ, নাৰী নিৰ্যাতন নিৰ্যাতন ৰোধ কৰাৰো দাবী জনায়৷
Assam Congress MPs held protest in front of Gandhi statue in Parliament over reports that the state government is trying to close down #Assam Women's University pic.twitter.com/WDvNU3TLrb
— ANI (@ANI) March 28, 2018
বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷
নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷