ডিজিটেল ডেস্কঃ সময়ে সময়ে গো হত্যাৰ অপৰাধত দলিতক আক্ৰমণ আৰু হত্যাকাণ্ড সংঘটিত হৈ আহিছে৷ কিন্তু এইবাৰ ঘোৰা কিনাৰ অপৰাধত দলিত যুৱকক আক্ৰমণ কৰি হত্যা কৰা হৈছে৷ দেশৰ দলিত লোকে এতিয়া ঘোৰাও কিনিব নোৱাৰা হৈছে৷
ঘোৰা কিনিলে দিয়া হয় চৰম শাস্তি৷ এগৰাকী দলিত যুৱকক ঘোৰা কিনাৰ অপৰাধত আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভাবনগৰত৷ হত্যাকাণ্ডৰ সৈতে জৰিত তিনিজন লোকক ইতিমধ্যে আটক কৰা হৈছে৷
গুজৰাটৰ ভাবনগৰ জিলাৰ টিম্বি গাঁৱত এই ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, গাঁও খনৰ প্ৰদীপ বাঠৰো নামৰ যুৱক এজনে কিছু দিন পূৰ্বে এটি ঘোৰা কিনিছিল৷ যুৱকজনে গাঁও খনত ঘোৰা চলাবলৈ আৰম্ভ কৰে৷ তাৰ পিছত উচ্চ ৰাজপুত সম্প্ৰদায়ৰ একাংশ লোকে যুৱকজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷
দলিত হৈ কৰ পৰা ঘোৰা কিনাৰ অধিকাৰ পালে বুলি প্ৰশ্ন কৰিব আৰম্ভ কৰে৷ ঘোৰাটো বিক্ৰি নকৰিলে তাক মাৰি পেলোৱাৰ ভাবুকি দিয়ে৷ যুৱকজনৰ পিতৃ কালুভাই ঠাকুৰে স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল৷
বৃহস্পতিবাৰে বিয়লি এখন ফাৰ্মৰ পৰা যুৱকজনে ঘোৰাৰ পিঠিত আহি থকাৰ সময়ত ঘোৰাৰ পিঠিতে চোকা অস্ত্ৰৰে আঘাত কৰে প্ৰদীপক৷ ঘটনাস্থলিতে মৃত্যু হয় প্ৰদীপৰ৷ ইতিমধ্যে ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ এছচি-এছটি কোষৰ আৰক্ষী বিষয়া এ এম ছৈয়দে দোষীক উচিত শাস্তি দিয়া হ’ব বুলি কয়৷