ডিজিটেল ডেক্সঃ যোৱা ২৯ মাৰ্চত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা জিএছএটি-৬এ কমিউনিকেশ্বন উপগ্ৰহটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ইছৰোৰ৷ এই কথা ইত্মমধ্যে স্পষ্ট হৈ পৰিছে৷ যান্ত্ৰিক বিজুতি দেখা দিয়াৰ পাছত মহাকাশত সন্ধানহীন হয় ২৭০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ২,০৬৬ টন ওজনৰ উপগ্ৰহটো৷ কক্ষপথৰ স্থাপনৰ সময়তে ই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত শেহতীয়া খবৰ মতে, উপগ্ৰহটো কক্ষপথত স্থাপন কৰিবলৈ লোৱাৰ সময়তে ৩০ মাৰ্চৰ পুৱা ৯.২২ বজাত অন্তিমটো আপডেট আহিছিল। দ্বিতীয়টো অৰ্বিট ৰেইজিঙলৈকে সকলো থিক আছিল যদিও ইয়াৰ পাছতে উপগ্ৰহটোত বিজুতিয়ে দেখা দিয়ে। উপগ্ৰহ এটা কক্ষপথত স্থাপনৰ বাবে এটা থ্ৰাচৰেই প্ৰয়োজন। যদি এবাৰৰ থ্ৰাচত ইয়াক কক্ষপথত স্থাপন কৰিব পৰা নাযায়, তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰা জটিল হৈ পৰে। ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলে যোৱা দুদিন দিনে-ৰাতিয়ে কাম কৰিও উপগ্ৰহটো নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিলে।
উপগ্ৰহটোৰ পাৱাৰ ছিষ্টেমত দেখা দিয়া সমস্যা ইয়াৰ ঘাই কাৰণ বুলি প্ৰকাশ কৰিছে ইছৰোৰ বিজ্ঞানীসকলে। জিএছএটি-৬এ উপগ্ৰহত বৃহৎ এন্টেনা সংযোগ কৰা হৈছিল আৰু ইয়াৰ সহায়ত দেশৰ যি কোনো অঞ্চলত থকা মানুহক মোবাইলৰ দৰে সৰু ডিভাইচলৈ সংকেত আদান-প্ৰদান কৰিব পৰা হ’লহেঁতেন। দুয়ো দিশৰ পৰা তথ্য, ভইচ বা ভিডিঅ’ আদান-প্ৰদানেৰে যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধনৰ লক্ষ্যৰে এই উপগ্ৰহটো নিক্ষেপ কৰা হৈছিল।