
ডিজিটেল ডেস্কঃ ৭ লাখ টকা ঘোচ লৈ খোদ কাঠগড়াত উঠিব লগা হ’ল বিচাৰপতি৷ এজন লোকক জামিন মঞ্জুৰ কৰাৰ বাবে ৭ লাখ টকা ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ন্যায়াধীশক৷
জানিব পৰা মতে, ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ পৰিয়ালৰ পৰা ৭ লাখ টকাৰ ঘোচ লোৱাৰ অভিযোগত হায়দৰাবাদৰ অতিৰিক্ত বিচাৰপতিক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই৷ আন দুজন অধিবক্তাকো আটক কৰা হয়৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰ ৰুজু কৰা হৈছিল বিচাৰপতিৰ বিৰুদ্ধে৷ ন্যায়ালয়ৰ নিৰ্দেশত বিচাৰপতিৰ ঘৰত তালাচীও চলোৱা হয়৷
বিগত বছৰৰ নৱেম্বৰ মাহত হায়দৰাবাদাৰ মেট্ৰ আদালতৰ বিচাৰক এস ৰাধা কৃষ্ণৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগ উত্থাপন কৰে অধিবক্তা শ্ৰীৰংগ ৰাৱে৷ অধিবক্তা শ্ৰীৰংগ ৰাৱে অভিযোগ কৰা মতে জামিন মঞ্জুৰ কৰাৰ নামত ন্যায়াধীশগৰাকীয়ে ঘোচ লৈছিল৷
এই অভিযোগৰ ভিত্তিত ন্যায়াধীশগৰাকীক গ্ৰেপ্তাৰ কৰে৷ বিচাৰ ব্যৱস্থাত দুৰ্নীতিৰ ঘটনাক ৰোধ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ন্যায়ালয়ে৷ ইতিমধ্যে এনে ঘটনাৰ বাবে তিনিজন বিচাৰপতিক আটক কৰা হৈছে৷