গুৱাহাটীঃ ছিলঙলৈ যাওঁতে ট'লগে'ট পাৰ হোৱাৰ পাছতে একাংশ অসৎ লোকে বৰষুণ দিলে ৰাস্তাত ইঞ্জিন অইল পেলাই থয়। ইয়াৰ কাৰণ অবৈধভাৱে ধন ঘটা।
তেলে পিচল কৰি থোৱা পথত তীব্ৰ বেগী গাড়ীবোৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত পৰেগৈ। আৰু লগে লগে প্ৰয়োজন হয় ৰিক'ভাৰী ভেনৰ।
ট'লগেটত থকা ৰিক'ভাৰী ভেনেৰে গাড়ীবোৰ তুলি অনাৰ বাবদ এক বুজন পৰিমাণৰ ধন দাবী কৰে। এনেকৈ তাৰ একাংশ স্থায়ী লোকে এই ভয়ংকৰ ষড়যন্ত্ৰমূলক ব্যবসায় কৰিবলৈ লৈছে বুলি অভিযোগ উঠিছে।
এই ঘটনাৰ ক্ষেত্ৰত মেঘালয় চৰকাৰৰ এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
এনে দুষ্কাৰ্যই ছিলঙৰ লগতে সমগ্ৰ ৰাজ্যখনতে পৰ্য্যটন উদ্যোগত কুপ্ৰভাৱ পেলাব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক বদনামি প্ৰতিচ্ছবি দাঙি ধৰিব।