অমৃতসৰঃ যোৱা বুধবাৰে ভাৰতে দুজন পাকীস্তানী বন্দীক স্বদেশলৈ প্ৰেৰণ কৰে৷ ইয়াৰে ২১ বছৰীয়া আব্দুল্লাই তেওঁৰ অতি প্ৰিয় অভিনেতা শ্বাহৰুখ খানক লগ ধৰিবলৈ পুনৰ ভাৰতলৈ আহিব বুলি কৈ থৈ যায়৷
নতুন দিল্লীত থকা পাকিস্তানৰ উচ্চায়ুক্তই জাৰি কৰা জৰুৰী ভ্ৰমণৰ পাৰ-পত্ৰৰ ভিত্তিত আব্দুল্লা আৰু ইমৰাণ কুৰেছি ৱাৰ্ছি নামৰ দুই পাকিস্তানী নাগৰিকক আট্টাৰি-ৱাঘা সীমান্তৰে স্বদেশলৈ প্ৰেৰণ কৰা হয়৷
আব্দুল্লাক ২০১৭ চনত কোনো বৈধ পাৰ-পত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰাৰ বাবে আট্টাৰিত গ্ৰপ্তাৰ কৰা হৈছিল৷ আনহাতে, ৱাৰ্ছিক ২০০৪ চনত জালিয়াতি আৰু চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আটক কৰি ভূপালৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল৷
আব্দুল্লাই জনোৱা মতে তেওঁ সীমান্তত অনুষ্ঠিত ৰিট্ৰিট অনুষ্ঠান উপভোগ কৰিবলৈ আহিছিল আৰু অনুষ্ঠান শেষ হোৱাৰ পাছত জিৰ’ লাইনেৰে জঁপিয়াই ভাৰতত প্ৰৱেশ কৰিছিল৷ শ্বাহৰুখ খানক লগ ধৰিবলৈ তেওঁ পুনৰ ভাৰতলৈ আহিব বুলি বি এছ এফৰ বিষয়াসকলক কৈ যায়৷
কিং খানক সাক্ষাৎ কৰাটো মোৰ সৰু কালৰপৰা থকা সপোন। আৰু যিহেতু এইবাৰ এই সপোন বাস্তৱায়িত কৰিব নোৱাৰিলোঁ, গতিকে মই পুনৰ ভাৰতলৈ আহিম৷ এনেদৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰে আব্দুল্লাই৷
ইফালে আনজন লোক ৱাৰ্ছিয়ে বৈধ পাৰ-পত্ৰৰে কলকাতাত থকা আত্মীয়ক সাক্ষাৎ কৰিবলৈ আহিছিল যদিও ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো তেওঁ ভাৰতত অবৈধভাৱে চাৰি বছৰ ৰৈ গৈছিল৷ এই লোকজনে নিজৰ নামত ভাৰতীয় ৰেচন কাৰ্ড আৰু আন আন তথ্যও উলিয়াবলৈ সক্ষম হৈছিল৷
২০০৮ চনত তেওঁ ভাৰতীয় পাছপ’ৰ্ট উলিয়াবলৈ ভূপাললৈ যোৱাৰ সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷