হঠাৎ কিয় সৰৱ হ’ল দিছপুৰৰ বিধায়ক অতুল বৰা

গুৱাহাটী: DRDAৰ কনিষ্ঠ অভিযন্তা সুশীল তামুলীৰ বিৰুদ্ধে পুনৰ সৰৱ দিছপুৰৰ বিধায়ক অতুল বৰা। কমলাঝাৰি ৰাজহ গাঁৱৰ অন্তৰ্গত মৰঙাবাৰীৰ পাহাৰ কটাক লৈ সংবাদমেল সম্বোধন কৰে বিধায়কজনে। সমগ্ৰ ঘটনাৰ CBI তদন্তৰ দাবী তুলি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে বিধায়কগৰাকীয়ে।

CBI তদন্ত নিদিলে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ বৰাৰ। চাহ বাগিচাৰ মাটি কাটি CBSEৰ বিদ্যালয় নিৰ্মাণৰ বাবে কেনেকৈ অনুমতি পালে বুলিও প্ৰশ্ন কৰে অতুল বৰাই। এটা বিভাগত কৰ্মৰত হৈ কোনো অনুমতি নোলোৱাকৈ সুশীল তামুলীয়ে কেনেকৈ সংবাদমেল পাতিব পাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে।

তামুলীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু নকৰাৰ বাবে OC ভাস্কৰজ্যোতি নাথক বৰাই ধমক দিয়াৰ কথা স্বীকাৰ কৰে। ডিফুৰ এজন প্ৰভাৱশালী ৰাজনীতিকে তামুলীক থানাৰ পৰা মুকলি কৰিবলৈ OCক হেঁচা প্ৰয়োগ কৰিছিল বুলিও ক’লে অতুল বৰাই।