♦ প্ৰাণৰ মমতাত নিজ গৃহৰপৰা পলায়ণ দুৰ্ভগীয়া মহিলাৰ, আৰক্ষীক গোচৰ দাখিল

নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে পুনৰ সংঘটিত অনুৰূপ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে নগাঁও জিলাত৷

জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱাৰ সমীপৰ কদমনিৰ চলাপথাৰৰ এগৰাকী দুই সন্তানৰ মাতৃ স্বামীৰ অকথ্য শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি নিজ গৃহৰপৰা পলায়ণ কৰে৷ প্ৰাণৰ মমতাত পলাই গৈ দুৰ্ভগীয়া মহিলাগৰাকীয়ে এতিয়া সন্তানসহ আশ্ৰয় লৈছে কামপুৰৰ বুকলুং নামৰ ঠাইত৷

জানিব পৰা মতে, আজিৰপৰা ২১ বছৰ পূৰ্বে ১৯৯৮ চনত নগাঁৱৰ কঠিয়াতলিৰ কঠালগুৰিৰ এগৰাকী হিন্দু যুৱতী প্ৰেমৰ পৰিণতিত বটদ্ৰৱাৰ সমীপৰ কদমনিৰ চলাপথাৰৰ মাজাৰুল ইছলাম হাজৰিকা নামৰ যুৱকজনলৈ পলাই গৈ বিবাহ পাশত আবদ্ধ হৈছিল৷

বিবাহৰ দুবছৰমান পাছৰেপৰাই যৌতুকৰ দাবীৰে মাজাৰুলে যুৱতীগৰাকীৰ ওপৰত নিৰ্যাতন চলাবলৈ ধৰে৷ ইয়াৰ মাজতে দুয়োৰে জীৱনলৈ আহে দুটা সন্তান৷ ইয়াৰে জ্যেষ্ঠ সন্তান এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী৷ কিন্তু নিজৰ পত্নীৰ ওপৰত চলোৱা মাজাৰুলৰ নিৰ্যাতন ক্ৰমাৎ বৃদ্ধিহে পাবলৈ ধৰে৷ 

আনকি কিছুদিনৰপৰা পত্নীক পিতৃ গৃহৰপৰা পাঁচ লাখ টকা আনিবলৈ দাবী কৰি মাজাৰুলে পত্নীৰ লগতে দুই সন্তানৰ ওপৰতো নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে৷ যৌতুকৰ লালসাত মাজাৰুলে পত্নী আৰু সন্তানক দাবী কৰা মতে টকা নানিলে ঘৰৰ ভিতৰত বান্ধি জুই লগাই মাৰি পেলোৱাৰ ভাবুকি দিয়াৰ লগতে সন্তানৰ কিতাপ-পত্ৰ পুৰি পেলায়৷

এনেদৰে স্বামীৰ অত্যাচাৰ দিনক দিনে বাঢ়ি আহিবলৈ ধৰাত কিছুদিনৰ পূৰ্বে উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে দুই সন্তানক লগত লৈ সন্তানৰ শিক্ষাৰ কথা ভাবি আৰু স্বামীৰ নিৰ্যাতনৰপৰা হাত সাৰিবলৈ ঘৰৰপৰা গোপনে পলায়ণ কৰে৷ কিন্তু আন ধৰ্মৰ যুৱকৰ লগত ঘৰৰ অমতত বিয়াত বহাৰ বাবেই নিজৰ জন্মদাতা পিতৃৰ ঘৰলৈকো যাব নোৱাৰি মহিলাগৰাকীয়ে আশ্ৰয় লয় কামপুৰৰ বুকলুং নামৰ গাঁওখনত৷

অৱশ্যে দুই সন্তানসহ মহিলাগৰাকীৰ কৰুণ অধ্যায়ৰ বিষয়ে জানিব পাৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি বুকলুংবাসী গঞাৰাইজে তিনিওকে গাঁওখনতে আশ্ৰয় দি বৰ্তমান সন্তানৰ পৰীক্ষা দিয়াৰ দায়িত্ব বহন কৰিছে৷

দুৰ্ভগীয়া মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁৰ স্বামী মাজাৰুলে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নাম লৈ দীৰ্ঘদিনে ভয়-ভাবুকি প্ৰদান কৰি আহিছিল৷ ইফালে, সম্প্ৰতি স্বামীৰদ্বাৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ দিশহাৰা হৈ পৰা মহিলাগৰাকীয়ে জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে বটদ্ৰৱা আৰক্ষী থানাত সমগ্ৰ ঘটনা বিৱৰি স্বামী মাজাৰুলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷

কিন্তু পত্নী নিৰ্যাতনকাৰী মাজাৰুল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ঘনিষ্ঠ হোৱাৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে বৰ্তমানলৈকে বিশেষ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ 

ইফালে, নাৰী নিৰ্যাতন ৰোধৰ বাবে সততে মাত মাতি অহা বিধায়িকা আঙুৰলতা ডেকাৰ ঘনিষ্ঠ লোকেই এতিয়া এনেদৰে যৌতুকৰ দাবীৰে পত্নী আৰু সন্তানৰ ওপৰত নিৰ্যাতন চলোৱা বিষয়টোয়ে সমগ্ৰ জিলাখনতে সচেতন মহলৰ মাজত বেচ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷