খাৰুপেটীয়াঃ অসমত বিজেপি নেতৃত্বাধীন সৰ্বানন্দ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমৰ সংখ্যালঘু ভাৰতীয় নাগৰিকক বিভিন্ন প্ৰকাৰে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলি দেওবাৰে আবেলি ৫ বজাত বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ প্ৰতিকৃতি দাহ কৰে ইত্তেহাদ ফ্ৰন্ট অসম নামৰ সংগঠনে৷

দৰঙৰ বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ কাৰ্য্যসূচীৰ নেতৃত্ব লয় ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলাম, দৰং জিলা সমিতিৰ উপদেষ্টা আব্দুল জলিল, আৰু সভাপতি হাইবৰ ৰহমান৷ সংগঠনটোৰ একাংশ কৰ্মী সমৰ্থকে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, মমিনুল আৱাল মুৰ্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷ 

কাৰ্য্যসূচীটো ৰূপায়ন কৰি সংগঠনৰ নেতৃবৰ্গই কয় যে শেহতীয়াভাৱে অসম সংখ্যালঘু উন্নয়ন বৰ্ডে অসমৰ বঙলাভাষী মুছলমানক সংখ্যালঘু উন্নয়নমুলক আঁচনিৰপৰা বাদ দি চৰম সাম্প্ৰদায়িক নীতি অৱলম্বন কৰিছে। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ আইন ১৯৯২ৰ ধাৰা-৩ ৰ মতে সংখ্যালঘু কোন সেয়া নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২২.১০.১৯৯৩ তাৰিখে জাৰি কৰা গেজেট নটিফিকেশ্বনৰ জৰিয়তে "মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ ও পাৰ্ছী" সকলক সংখ্যালঘু হিচাপে ঘোষণা কৰে। 

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে ২৭.০১.২০১৪ তাৰিখে জাৰি কৰা গেজেট নটিফিকেশ্বনৰ জৰিয়তে "জৈন" সকলক সংখ্যালঘু হিচাপে ঘোষণা কৰে। আইন অনুসৰি কেন্দ্ৰীয় চৰকাৰে "মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, পাৰ্ছী ও জৈন" সকলক সংখ্যালঘু হিচাপে ঘোষণা কৰিছে। সৰ্ব ভাৰতীয় তথা ৰাজ্যিক পৰ্যায়ত সংখ্যালঘু উন্নয়ন ব’ৰ্ডে আঁচনি ঘোষণা কৰিলে সংখ্যালঘু সম্প্ৰদায়ৰ সকলো জনগোষ্ঠীয়ে লাভ কৰে কিন্তু বিজেপি নেতৃত্বতাধীন অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডে জনগোষ্ঠীৰ নাম উল্লেখ কৰি অসমৰ মিঞা জনগোষ্ঠীক বাদ দি  আঁচনি ঘোষণা কৰি উক্ত আইনক চৰম অৱমাননা কৰিছে। শাসনাধিষ্ট দলটো যে চৰম সাম্প্ৰদায়িকতা সেইটো স্বৰূপ উদঙাই দিছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডে।

ইয়াক ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি ৰাজ ধৰ্ম পালন কৰাৰ দাবী জনোৱাৰ লগতে ভাৰতীয় ধৰ্ম নিৰপেক্ষ সংবিধানক সন্মান জনোৱাৰ আহ্বান জনাইছে৷