চামগুৰিঃ মৰ্মান্তিক চুলাই ট্ৰেজেডিৰ পিছৰেপৰা স্বেচ্ছাসেৱী সংগঠন, স্থানীয় ৰাইজ তথা প্ৰশাসনৰ নেতৃত্বত ৰাজ্যত ব্যাপক ৰূপত চলিছে সুৰা বিৰোধী অভিযান। নগাঁৱৰ পুৰণিগুদামৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি অত্যাধিকভাৱে প্ৰচলন চলি থকা দেশী-বিদেশী সুৰাৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে একাংশ ভুক্তভোগী মহিলা। 

কিন্তু ইমান পিছতো সমুলঞ্চে এই বৰবিহ স্বৰূপ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন ৰোধ কৰিব নোৱাৰাত পুৰণিগুদামৰ গড়মূৰত প্ৰশাসন, নগাঁও জিলাৰ আবকাৰি বিভাগ, স্থানীয় ৰাইজক একত্ৰিত কৰি ভুক্তভোগি মহিলাসকলে আয়োজন কৰিলে মাদকদ্ৰব্য বিৰোধী সজাগতা সভা। এই সভাতেই একাংশ লোকৰ চূড়ান্ত ককৰ্থনা তথা ক্ষোভৰ সন্মুখীন হ’বলগীয়া হ’ল উপস্থিত থকা জিলা আবকাৰি বিভাগৰ বিষয়া কৰ্মচাৰী। 

প্ৰথম অৱস্থাত বিষয়া কেইজনক মঞ্চত গামোচা পিন্ধাই সম্ভাষণ জনোৱা হৈছিল যদিও দীৰ্ঘদিন ধৰি অত্যাধিকভাৱে মাদকদ্ৰব্য প্ৰচলনৰ বাবে ৰাইজে ভোগ কৰি অহা দুৰ্দশাৰ বাবে সভাখনত কেৱল আবকাৰি বিভাগকে জগৰীয়া কৰিলে একাংশই। অবৈধ সুৰা ব্যৱসায়ী সৈতে আবকাৰি বিষয়াৰ সু-সম্পৰ্ক, অবৈধ সুৰা ব্যৱসায়ী কৰায়ত্ব কৰিব পাৰিলেও কি সুবাদত কিছু সময়ৰ পিছতেই মুকলি হ’বলৈ সক্ষম হয়, আবকাৰিয়ে অভিযান চলোৱাৰ পূৰ্বেই অবৈধ ব্যৱসায়ীক খবৰ দি অহাৰ এশ-এবুৰি পোনপটীয়া অভিযোগ সভাখনতে উত্থাপন কৰিলে বিয়াগোম বিভাগটোৰ বিষয়া কেইজনৰ সন্মুখত। 

ইফালে, শতাধিক স্থানীয় মহিলা তথা ৰাইজৰ আগত শিল পৰা কপৌটো হেন অৱস্থা হোৱা নগাঁও জিলাৰ আবকাৰি বিষয়া কেইজনে জিলাখনত মাত্ৰ সোঁতৰজন আবকাৰিৰ কৰ্মচাৰী থকাৰ বাবে সন্মুখীন হ’বলগীয়া অসুবিধাৰ বিষয়ে ৰাইজক পতিয়ন নিয়াৰ চেষ্টা চলোৱাৰ লগতে ৰাইজৰ সমগ্ৰ অভিযোগো খণ্ডন কৰাৰ অতি নিৰ্লজ্জভাৱে চেষ্টা কৰা দেখা যায়। অৱশ্যে বৃহত্তৰ পুৰণিগুদাম আঞ্চলত সেইসময়ৰ পৰাই অতি ব্যাপকভাৱে অভিযান চলাই যোৱাৰ কথাকৈ সভাখনৰ অন্তত ততাতৈয়াকৈ আঁতৰি যায় আবকাৰী বিষয়াসকল।