গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৯৪৫ টা নিয়মীয়া পদৰ নিযুক্তিত হোৱা কেলেংকাৰীৰ প্ৰতিবাদত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, উক্ত বিক্ষোভ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ বিষয়ববীয়াৰ লগতে ছাত্ৰ সংগঠনৰ লগতে পাঁচটাকৈ সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।
এই দুৰ্নীতিৰ চি বি আই তদন্ত দাবী কৰে কৃষক মুক্তিয়ে।