তামুলপুৰঃ তামুলপুৰত জিলা এ বি এমছুৰ টাইছনহুইনৰ সংবাদমেল। সোমবৰে আবেলি চাৰি বজাত তামুলপুৰ প্ৰেছ ক্লাবত তামুলপুৰ জিলা এ বি এমছুই এক সংবাদমেল আয়োজন কৰে।
এ বি এমছুৰ সভাপতি টাইচন হুচেইনে বিদেশী ন্যায়াধীশকৰণ, অসম চৰকাৰ আৰু সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক তীব্ৰ সমলোচনা কৰে। সীমান্ত আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ডৰ বিৰুদ্ধে জাঙোৰখাই উঠিছে তামুলপুৰ জিলা এ বি এমছুই।
ভাৰতীয় নাগৰিকক বিদেশী সজোৱাত ব্যস্ত সীমান্ত আৰক্ষী। তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ নিবাসী ছৈয়দ চৌৰাফ আলীক ২০১৭ চনৰপৰা তিনিবাৰকৈ বিদেশী ন্যায়াধীকৰণে জাননী প্ৰেৰণ কৰিছে।
২০১৭ চনত প্ৰথমবাৰৰ বাবে ছৈয়দ চৌৰাফ আলীক বিদেশী লোক বুলি জাননী প্ৰেৰণ কৰাৰ পাছত আদালতত দ্বাৰস্ত হৈ ভাৰতীয় নাগৰিকৰ প্ৰমাণ-পত্ৰ লাভ কৰে। ইয়াৰ পাছত ২০১৮ চনত এই একেজন ব্যক্তি কে পুনৰ বিদেশী বুলি জাননী প্ৰেৰণ কৰাত দ্বিতীয়বাৰৰ বাবে আদালতত দ্বাৰস্ত হৈ পুনৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ লাভ কৰে।
লক্ষ্যনীয় আৰু পৰিতাপৰ বিষয় যে পুণৰ সেই একেজন লোককে ২০১৯ৰ জানুৱাৰী মাহত সীমান্ত আৰক্ষীয়ে বিদেশী জাননী প্ৰেৰণ কৰাত জাঙুৰ খাই উঠিছে ভোক্তভুগী ছৈয়দ চৌৰাফ আলী আৰু তামুলপুৰ জিলা এ বি এমছু।
আজিৰ এই সংবাদ মেল যোগে তামুলপুৰ জিলা এ বি এমছুই সীমান্ত আৰক্ষী, অসম চৰকাৰ আৰু সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক সকীয়াই দিছে যাতে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক এনেদৰে হাৰাশাস্তি দি নাথাকে। অন্যথা এ বি এছুই চৰকাৰৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব।
প্ৰকৃত ভাৰতীয়ক বিদেশী সজোৱা ষড়যন্তৰপৰা চৰকাৰক দূৰত থাকিবলৈ আৰু প্ৰকৃত ভাৰতীয়ৰ আবেগ-অনুভূতিৰ সৈতে খেল নেখেলিবলৈ সংগঠনটোৱে সকীয়াই দিছে।