বৰনৰ্দ্দীঃ অসমৰ প্ৰাচীনতম তথা ঐতিহ্যমণ্ডিত বৰনৰ্দ্দী ৯৭ তম মহাবিষ্ণু যজ্ঞমহোৎসৱখন বুধবাৰৰপৰা ২৪ মাৰ্চলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।
এই উপলক্ষে মহোৎসৱত সুকলমে পৰিচালনা কৰাৰ বাবে বসন্ত ডেকাক সভাপতি, গংগা হাজৰিকাক সম্পাদক হিচাপে ৩১ জনীয়া সমিতি এখন গঠন কৰা হৈছে। আনহাতে, বিভিন্ন বিভাগত আন আঁঠখন উপসমিতি গঠন কৰা হৈছে।
আজিৰ কাৰ্য সূচী অনুসৰি ৰাতিপুৱা ৫-৪৭ বজাৰপৰা চাৰিপ্ৰহৰ ব্যাপি হৰেকৃষ্ণ-সংকীৰ্তন ৮ বজাত, ধৰ্মধ্বজা উত্তোলন ৮-৩০ বজাত, স্মৃতি তৰ্পন ৯ বজাত, গছপুলি ৰোপন আৰু সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন৷
৭ বজাত মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আৰু বাৰ্ষিক গ্ৰন্থ "মহাবিষ্ণু" উন্মোচন, ৭-১৫ বজাত অধিবাস, সন্ধিয়া ৮ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা পুৱা ৮ বজাত বেদস্তুতি, যজ্ঞীয় শ্ৰাদ্ধ, শোভাযাত্ৰাৰে পানী উত্তোলন, শ্ৰীশ্ৰীগনেশ প্ৰভূৰ বিগ্ৰহ আনয়ন, স্থাপন, সূৰ্যৰপৰা অগ্নি আহৰণ, অগ্নি স্থাপন, আহুতি প্ৰদান, বেদস্তুতি, ৰাতিপুৱা ১১ বজাত ভক্তিমুলক একক নৃত্য প্ৰতিযোগিতা, আবেলি ৪ বজাত ঢুলীয়া প্ৰদৰ্শন, ৬ বজাত নাগাৰা নাম প্ৰদৰ্শন ৭ বজাত আৰতি প্ৰদান, ৭-৩০ বজাত আতচবাজি আৰু নিশা ১০বজাত নাট প্ৰদৰ্শন অনুষ্ঠিত কৰা হ’ব৷
আটাইকেইদিনৰ কাৰ্যসুচী অনুসৰি উষাকীৰ্তন, বেদস্তুতি, পুজা অৰ্চনা, চণ্ডী পাঠ, আয়তীৰ নাম, ধৰ্মসভা, ঢুলীয়া প্ৰদৰ্শন, পুতলা নাচ প্ৰদৰ্শন, সমুহীয়া উপনয়ণ, আয়তীৰ দিহানাম প্ৰতিযোগিতা, পূৰ্ণাহুতি, প্ৰসাদ, আৰু ভোগ বিতৰণ, আদি কাৰ্যসুচী হাতত লোৱা হৈছে।