নগাঁওঃ ৰঙৰ উৎসৱ ফাকুৱাক লৈ সৰ্বত্ৰে চলিছে ব্যাপক প্ৰস্তুতি৷ সৰু-ডাঙৰ সকলোয়ে এই উৎসৱটি পালনৰ হেতু গভীৰ আগ্ৰহেৰে বাট চাই থকাৰ বিপৰীতে নানা প্ৰকাৰৰ ৰং-বিৰঙৰ আবিৰেৰে ভৰি পৰিছে বজাৰ৷ ইয়াৰ সমান্তৰালকৈ হৰেক ৰকমৰ ফিচকাৰি, ৰংচঙীয়া মুখা, টুপি আদি সামগ্ৰীবোৰো উপচি পৰিছে বিপণীবোৰত৷
কিন্তু ইয়াৰ অচিলা লৈ নগাঁও জিলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ৰাইজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিক্ৰীৰ বাবে সস্তীয়া ফাকুগুড়ি বজাৰত মেলি দিছে৷ যিবোৰ ফাকুগুড়িৰ পেকেটত কোনো দাম লিপিবদ্ধ হৈ নাথাকে আৰু বজাৰত ইয়াৰ দামৰ যথেষ্ট তাৰতম্য দেখা যায়৷ ফলত ফাকুৰ গুড়িৰ দৰে বিভিন্ন ৰঙৰ বটল কিম্বা ফিচকাৰি আদিত কোনো দাম উল্লেখ নথকাত বিক্ৰেতাই ইচ্ছামতে যি দাম লয় সেয়াই একপ্ৰকাৰে মূল দাম হৈ পৰে৷
জানিব পৰা মতে, এইধৰণৰ দাম লিখা নথকা সস্তীয়া ফাকুগুড়িয়ে মানৱ শৰীৰত অপকাৰ সাধন কৰি জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে৷ কাৰণ গ্ৰাহকক সহজে আকৰ্ষণ কৰিবলৈ এচাম মুনাফা লোভী অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে বিভিন্ন প্ৰকাৰৰ দেহৰ অনিষ্টকাৰী 'কেমিকেল' ব্যৱহাৰ কৰি এইবোৰ বিক্ৰীৰ কাৰণে বজাৰত এৰি দিছে৷
ইফালে, প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰস্তুত কৰা আবিৰৰ তুলনাত সস্তীয়া আবিৰৰ দৰ যথেষ্ট কম৷ গতিকে গুণাগুণ বিচাৰ নকৰি কম দৰত পোৱা আবিৰ বা ফাকুগুড়িকে গ্ৰাহকে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ পূৰ্ণ সুযোগ লৈছে এইচাম অসাধু ব্যৱসায়ীয়ে৷ এই সন্দৰ্ভত একাংশ চিকিৎসকে জানিব দিয়া মতে, ফাকুগুড়িত মিহলোৱা অতি বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰে চকু, ছাল, চুলি আদিত ক্ৰিয়া কৰি নানা মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে৷
ঘাইকৈ এনেধৰণৰ ফাকুৰ গুড়ি নাকেৰে সোমাই গ’লে শ্বাসকেন্দ্ৰৰ ক্ষতিসাধন কৰাৰ উপৰি উশাহ-নিশাহৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে অবাধে খুব কম মূল্যত বিক্ৰী হৈ থকা সস্তীয়া আবিৰৰ বিক্ৰী ৰুধ কৰি ৰাইজক আহিব পৰা সম্ভাব্য বিপদৰপৰা উদ্ধাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনক কাৰ্যকৰী পদক্ষেপ অনতিপলমে হাতত লোৱাৰ দাবী জনাইছে নগঞা সচেতন মহলে৷