কাজিৰঙাঃ কাজিৰঙাৰ বাগৰিত শুকুৰবাৰে ট্ৰাকৰ চকা মেৰামতি কৰি থকা অৱস্থাত বিস্ফোৰিত হৈ এজন কিশোৰ নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে দুৱাৰ বাগৰি আৰক্ষী চকীৰ অধীনত বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ৱেলডিং কৰা দোকানত দুপৰীয়া প্ৰায় ১-৩০ বজাত আশ্ৰাফুল ইছলাম (১৬) নামৰ কিশোৰজনে ট্ৰাকৰ চকা মেৰামতি কৰি থকা অৱস্থাত হঠাৎ বায়ু ভৰ্তি ট্ৰাকৰ চকাটো ফুটি চকাটোত লাগি থকা লোৰ টুকুৰাই আঘাত কৰাত আশ্ৰাফুলৰ ঘটনাস্থলীতে মৃত্যু হয়।
আনহাতে কাষতে থকা ট্ৰাকখনৰ কৰ্মচাৰী বিহাৰৰ ৰাঘনপুৰ নিবাসী জয়ালাল (১৯) গুৰুতৰভাৱে আহত হয়। চকাটোৰ লোৰ টুকুৰাই বাগৰি গোহাঁই গাঁও নিবাসী আশ্ৰাফুলৰ মূৰত তীব্ৰ গতিত আঘাত কৰাত মূৰ ফাটি মগজু চিন্নভিন্ন হৈ পৰে।
ট্ৰাকৰ চকাটো ইমানই বিকট শব্দ কৰি ফুটিছিল যে কেইমূহুৰ্তমানৰ বাবে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছিল। উল্লেখ্য যে সাধাৰণতে প্ৰতি দিনেই আশ্ৰাফুলৰ ককায়েকে দোকানখন পৰিচালনা কৰে যদিও আজি ককায়েক কাষতে থকা মছজিদত নামাজ পঢ়িবলৈ যাওঁতে এনে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।
ইফালে বাগৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে আহত ট্ৰ্কৰ কৰ্মচাৰীজনক জখলাবন্ধা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিব দিয়ে।