♦ পৰাগ কুমাৰ দাসৰ ‘চাংলট ফেনলা’-‘নিষিদ্ধ কলম’, দ্বিজেন কুমাৰ দাসৰ ‘মেঘ ঘোঁৰা’ৰ বিক্ৰী আশাব্যঞ্জক 

অভিজিৎ তালুকদাৰ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অগ্ৰণী সাহিত্যানুষ্ঠান আকাশীৰ উদ্যোগত ২৫ মাৰ্চৰপৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা চতুৰ্দশ তামুলপুৰ গ্ৰন্থমেলাৰ শুকুৰবাৰে নিশা সামৰণি পৰে।

গ্ৰন্থ মেলাৰ আটাইকেইটা দিনতে গ্ৰন্থপ্ৰেমী ৰাইজৰ ভিৰ দেখা যায়। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰকমুহূৰ্তত আয়োজিত এই গ্ৰন্থমেলাত ছাত্র-ছাত্রীকে ধৰি পঢ়ুৱৈ সমাজৰ সমাগমে আক্ষৰিক অৰ্থত সমাজখনলৈ কঢ়িয়াইছে এক আশাৰ বাৰ্তা।

অসমৰ কে’বাখনো আগশাৰীৰ গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰা গ্ৰন্থমেলাত ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে নিজৰ ৰুচি অনুসৰি গ্ৰন্থ ক্ৰয় কৰে।

জানিব পৰা মতে পৰাগ কুমাৰ দাসৰ ‘চাংলট ফেনলা’ আৰু ‘নিষিদ্ধ কলম’ গ্ৰন্থ দুখনৰ উপৰি অসমৰ প্ৰতিভাসম্পন্ন কবি, তামুলপুৰৰ সন্তান দ্বিজেন কুমাৰ দাসৰ দ্বিতীয় কাব্য গ্ৰন্থ ‘মেঘ ঘোঁৰা’ৰ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল।

গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহো বড়ো, কাৰ্যকৰী সভাপতি মদন মোহন শৰ্মা, উপ-সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা, সম্পাদক গণেশ ৰাভা, সহকাৰী সম্পাদক ডুলুজিৎ দাস আৰু অনিল বড়ো, আকাশীৰ সভাপতি বনজিত দাস, সম্পাদক ৰত্নেশ্বৰ বড়োকে ধৰি পৰিচালনা সমিতিৰ সমূহ সদস্য আৰু আকাশীৰ বিষয়ববীয়া তথা সদস্যসকলৰ আপ্ৰাণ চেষ্টাত জীপাল হৈ পৰা গ্ৰন্থমেলাত ছাত্র-ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ অৰ্থে অনুষ্ঠিত কৰা হৈছিল বিভিন্ন প্ৰতিযোগিতা।

গ্ৰন্থ মেলাৰ প্ৰথম দিনাৰপৰা অন্তিম দিনালৈ ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, অসমীয়া আৰু বড়ো ভাষাত কবিতা আবৃত্তি, কুইজ, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰ আৰু সুলেখা বসুমতাৰীৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

আনহাতে গ্ৰন্থমেলাৰ আটাইকেইটা দিনতে আয়োজন কৰা হৈছিল সাংস্কৃতিক সন্ধিয়াৰ। যোৱা নিশা সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই বিভিন্ন প্ৰতিযোগিতাত স্থান দখল কৰিবলৈ সক্ষম হোৱা ছাত্র-ছাত্ৰীসকলক প্ৰমাণ-পত্ৰ আৰু গ্ৰন্থৰে পুৰস্কৃত কৰা হয়।

ইপিনে এই পাঁচটা দিনতে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত শ্ৰেষ্ঠ অনুষ্ঠান প্ৰদৰ্শন কৰা বিদ্যালয়খনকো যোৱা নিশা পুৰস্কৃত কৰা হয়। গ্ৰন্থমেলাৰ এই বৰ্ষত উক্ত বঁটা লাভ কৰিবলৈ সক্ষম হয় বলদেৱ দাস সংগীত বিদ্যালয় আৰু গুণ গুণ চৰ্চা কেন্দ্ৰই। বিদ্যালয়খনৰ হৈ মুখ্য প্ৰশিক্ষক, প্ৰতিভাসম্পন্ন কণ্ঠ শিল্পী ভূপেন দাসে এই বঁটা গ্ৰহণ কৰে। বঁটাত আছিল নগদ পাঁচ হাজাৰ টকা। 

উল্লেখযোগ্য যে ছাত্র-ছাত্ৰীসকলক অধিক উৎসাহিত কৰিবৰ বাবে আয়োজক সমিতিয়ে প্ৰতি বছৰে এই বঁটা আগবঢ়াই আহিছে। ইফালে তামুলপুৰৰ উদীয়মান যুৱক অভিজিৎ তালুকদাৰ, ৰাণা তালুকদাৰ, প্ৰণৱ কলিতা, প্ৰীতম মহন্ত আৰু ধ্ৰুৱজ্যোতি দাসে তামুলপুৰীয়া বুক ষ্টল নামেৰে এখন গ্ৰন্থ বিপনিৰ ব্যৱস্থা কৰে। বিপনিখনত গ্ৰন্থৰ উপৰি বাঁহৰ চুঙাৰ দৈ, তামুলপুৰীয়া টি-চাৰ্ট আৰু তেঁতেলী টেঙা বিক্ৰী কৰাৰ ব্যৱস্থা কৰে।

তদুপৰি বিপনিখনলৈ যোৱা প্ৰতিগৰাকী ছাত্র-ছাত্রীকে বিনামূলীয়াকৈ কাৰ্টুন আৰু চকলেট আগবঢ়ায়। ৰাইজে যুৱককেইজনৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লৈছে। ইপিনে আকাশীয়ে তামুলপুৰত একেৰাহে চৈধ্য বছৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰা কাৰ্যক তামুলপুৰৰ বিদ্বৎ সমাজে ভূয়সী প্ৰশংসা কৰিছে।