জাজৰিঃ নগাঁও জিলাৰ ডুমডুমীয়া বালিসত্রত দেওবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে সতী জয়মতীৰ স্মৃতি দিৱস উদযাপন কৰা হয়।
বৃহত্তৰ অঞ্চলটোৰ চাকৰি সূত্রে বসতি কৰি থকা বহিঃজিলাৰ টে’ট শিক্ষকসকলৰ উদ্বোগত আৰু শ্ৰীশ্ৰী নৰোৱা বালিসত্র প্ৰংগণত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচী হিচাবে পুৱাৰ ভাগত বৃক্ষ ৰোপণ কৰে সত্রৰ পৰিচালনা সমিতিৰ সম্পাদক কুশ বৰদলৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰথমেশ দেৱ গোস্বামী আৰু স্থানীয় সাংবাদিক মানিক বৰাই।
তাৰ পাছতেই অঞ্চলটোৰ ছাত্র-ছাত্রীসকলৰ মাজত কুইজ, চিত্রাংকন, আকস্মিক বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত প্ৰথমেশ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় সতী জয়মতী স্মৃতি সোঁৱৰণি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান।
ৰাতুল শইকীয়াই আঁত ধৰা সভাখনত সত্যজিৎ চেতিয়া, জানমনি দত্ত আৰু দেৱজিত গগৈৰ লগতে অঞ্চলৰ বহু গন্য মান্য লোক উপস্থিত থাকে। বহিঃজিলাৰ টে’ট শিক্ষকসকলৰ এনে অনুষ্ঠানটিয়ে অঞ্চলবাসীক প্ৰেৰণা যোগাইছে।