চাবুৱাঃ  যোৱা ১০ এপ্ৰিলতে ধুমুহাত বিধ্বস্ত  ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া খাগৰি মাইজান গাঁৱত অৱস্থিত ৰহমৰীয়া ল'ৰা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ মেৰামতি অদ্যপি নোহোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ধুমুহাৰ ফলত কেন্দ্ৰটো বাৰাণ্ডা বিধ্বস্ত হয়। আশ্চৰ্যজনকভাৱে ঘটনাৰ এমাহ পাৰ হোৱাৰ পাছতো কোনো ধৰণৰ মেৰামতি হোৱা নাই। এইক্ষেত্ৰত লাহোৱাল সমষ্টিৰ বিধায়ক তথা  শিক্ষা খণ্ডই কোনো গুৰুত্ব আৰোপ কৰা নাই ।

ফলত বিদ্যালয়ৰ ছাত্ৰসকল সমস্যাৰ সন্মুখীন হৈছে । স্হানীয় ৰাইজে শীঘ্ৰে স্হানীয় বিধায়ক তথা শিক্ষা খণ্ড বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷