♦ পুখুৰী সদৃশ গাঁতেৰে ভৰি পৰিছে গুৰুজনাৰ জন্মভূমি সংযোগী গড়কাপ্তানী পথ
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটো৷
অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰেপৰা নামনি অসমৰ ৰাইজে সততে "বৰদোৱা বাইপাছ" ৰূপে ব্যৱহাৰ কৰি আহিছে এই পথটি৷
নগাওঁ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ এই পথটো দীৰ্ঘদিনে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰাত বিগত ২০১৭ বৰ্ষৰ মাৰ্চ মাহত ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনাই ইয়াৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে গড়কাপ্তানী বিভাগে৷
সেই অনুসৰি স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ ঘনিষ্ঠ কেইজনমান যুৱকক পৃথকে পৃথকে পথটোৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হয়৷ কিন্তু নিৰ্মাণৰ এবছৰ নৌহওঁতেই কদৰ্যৰূপ ধাৰণ কৰাৰেপৰা আজিকোপতি এই পথটোৰে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে৷
কাৰণ বিধায়িকাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতেই কামৰ দায়িত্ব পোৱা ঠিকাদাৰৰূপী যুৱককেইজনে সঠিকভাৱে পথৰ নিৰ্মাণ কাৰ্য সম্পন্ন নকৰাত সামান্য এজাক বৰষুণতে ঠায়ে ঠায়ে পানী জমা হৈ পথটো যাতায়াতৰ অনুপযোগী হৈ পৰা দেখা যায়৷
আনকি আসোঁৱাহপূৰ্ণ তথা পালমৰা ধৰণৰ নিৰ্মাণ কাৰ্যৰ বাবেই পথটো এতিয়া জৰাজীৰ্ণ হৈ পৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়াত পৰিছে৷ জানিব পৰা মতে, অতি গুৰুত্বপূৰ্ণ পথটোৰ খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰপৰা জামুগুৰি চাৰিআলিলৈকে অংশচোৱাৰ পকীবোৰ বখলা-বখলে এৰি গৈ বৰ্তমান বোকা-পানীৰে উপচি পৰি একেবাৰে শোচনীয় হৈ পৰিছে৷
ইয়াৰে শেতালি, জামুগুৰি, চমুৱাগাঁও, কোঁচৰগাঁও, ভৰালীচুক, ব্ৰাহ্মনগাঁও, ক্ষেত্ৰিগাঁও, গান্ধী পথাৰ, চাউলখোৱা, চকলাঘাট চাৰিআলি, দৰঙীয়াল গাঁৱৰ অংশবোৰত অসংখ্য সৰু-বৰ গাঁতৰ সৃষ্টি হৈছে৷ ঠায়ে ঠায়ে পথটোৰ অৱস্থা ইমানেই শোচনীয় যে পথ নে পথাৰ ধৰিবই নোৱাৰি৷
আনকি খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়, গান্ধীজী প্ৰাথমিক বিদ্যালয়, হাতীচোং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত তথা কোঁচৰগাঁও, দৰঙীয়াল আৰু চমুৱাগাঁৱৰ নামঘৰৰ সন্মুখত আৰু ব্ৰাহ্মগাঁও চাৰিআলিত কেইবাটাও পুখুৰী সদৃশ বৃহৎ দ গাঁতৰ সৃষ্টিৰে পথটো একপ্ৰকাৰে যাতায়াতৰ বাবে বিপদজ্জনক হৈ পৰা দেখা গৈছে৷
অভিযোগ মতে, একমাত্ৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু তেওঁৰ স্বামী আকাশদ্বীপ ডেকাৰ লগত থকা ঘনিষ্টতাৰ বাবেই অভিজ্ঞতা নথকা চৰ্তেও পথচোৱা নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰৰূপী যুৱক কেইজনৰ দুৰ্নীতিপৰায়ণ মনোভাব তথা নিৰ্মাণ কাৰ্যত থকা আসোঁৱাহৰ বাবেই সামান্য এজাক বৰষুণতে এই পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে৷
সেয়ে অতি ব্যস্ততাপূৰ্ণ পথছোৱা শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷