উজ্জ্বল চৌধুৰী, লিডুঃ ৰাজ্যত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত৷ অন্যান প্ৰান্তৰৰ সমান্তৰালকৈ তিনিচুকীয়া জিলা ডিগবৈৰ বিভিন্ন প্ৰান্তৰত বনৰীয়া হাতীৰ উপদ্ৰপ ৰাইজৰ বাবে এক প্ৰকাৰৰ অভিশাপ স্বৰুপ হৈ পৰিছে৷
পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত গভীৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম গকুল চেত্ৰী (৪৫) বুলি জানিব পৰা গৈছে৷
ডিগবৈৰ শ্বিলং ৰোডৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত এটা বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰাত থিতাতে মৃত্যু হয় ব্যক্তিজনৰ৷
জানিব পৰা মতে, ডিগবৈৰ অইল ফিল্ডৰপৰা ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো৷ মৃত গকুল চেত্ৰীয়ে আইঅচিৰ জনকল্যান কেন্দ্ৰত মালীৰ কাম কৰা বুলি বিশেষ সূত্ৰে প্ৰকাশ৷
উল্লেখ্য যে যোৱা কিছুদিন ধৰি বনৰীয়া হাতীয়ে ডিগবৈৰ বিভিন্ন প্ৰান্তৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ শুকুৰবাৰে ডিগবৈৰ টিংৰাইৰ ১ নং টকৌৱনীত হাতীৰ আক্ৰমণত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে কৰুণভাৱে মৃত্যুক আকোঁৱালী ল’ব লগা হৈছিল৷
উল্লিখিত দুৰ্ঘটনাটিয়ে ২৪ ঘন্টা অতিক্ৰম নকৰোতেই পুনৰ যোৱা নিশা হাতীৰ আক্ৰমণত আন এজন ব্যক্তিৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে৷ এই ক্ষেত্ৰত বন বিভাগৰ ৰহস্যজনক স্থিতিয়ে সকলোকে চিন্তিত কৰি তুলিছে৷