♦ বিচাৰকৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তোলাত বিহুদলৰে উদ্যোক্তাৰ সংঘাত
♦ আহত তিনি, দুয়োপক্ষৰে আৰক্ষীক এজাহাৰ দাখিল
জয়ন্ত মুদৈ, নগাঁওঃ ৰণক্ষেত্ৰলৈ পৰ্যবসিত হ'ল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী নিজ ডিমৌৰ বিহুতলী। বিহুনৃত্যৰ প্ৰতিযোগিতাত বিচাৰকৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণৰ অভিযোগ তুলি ইয়াৰ প্ৰতিবাদ কৰোতেই সৃষ্টি হয় বিহুদলৰ সৈতে উদ্যোক্তা সমিতিৰ সংঘাত৷
ফলত আহত হয় বিহুদলৰ তিনিজনকৈ সদস্য৷ যিটো ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য মতে, নিজ ডিমৌ যুৱক সংঘৰ উদ্যোগত ৰঙালী বিহুৰ লগত সংগতি ৰাখি দেওবাৰে নিশা অনুষ্ঠিত কৰা হৈছিল বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা৷ সেই নিমিত্তে বিভিন্ন প্ৰান্তৰপৰা অহা বহু সংখ্যক বিহুদলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি সোমবাৰে পুৱা সুচাৰুৰূপে সামৰণি পৰে৷
কিন্তু প্ৰতিযোগিতাৰ শেষত যেতিয়া ফলাফল ঘোষণা কৰা হয় তেতিয়া ফলাফলত অসন্তুষ্টি প্ৰকাশ কৰে নগাঁৱৰ দিচাং বিহুৱা দলে৷ কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত বিহুকন্যা প্ৰতিযোগিতাত সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে বহুকেইটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা দিচাং বিহুৱা দলে এই প্ৰতিযোগিতাত নাপালে কোনো পুৰস্কাৰ৷
সেয়ে ফলাফলত অসন্তুষ্টি প্ৰকাশ কৰি লগে লগে তেওঁলোকৰ প্ৰদৰ্শন কি ভুল হৈছে বুলি দলটোৰ সদস্যই বিচাৰকক সোধোতেই উদ্যোক্তাসকল দলটোৰ ওপৰত ক্ষুভিত হৈ পৰে৷ বিচাৰকে পক্ষপাতিত্বমূলকভাৱে ফলাফল ঘোষণাৰ অভিযোগ তুলি উদ্যোক্তা সমিতিৰ লগত প্ৰথম অৱস্থাত বিহু দলটোৰ লগত কথাৰ কটাকটি লাগে যদিও পাছলৈ হতাহতি হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷
বিহুদলটোয়ে কৰা অভিযোগ মতে উদ্যোক্তা সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে বহুকেইজন সদস্যই বিহুদলৰ সদস্যৰ ওপৰত জঁপিয়াই পৰাত দুয়োপক্ষৰ মাজত খণ্ডযুদ্ধ লাগে৷ ফলত উদ্যোক্তা সমিতিৰ এনে আক্ৰমণত ধন মেধী, বিতুমনি হাজৰিকা আৰু ৰূপম বৰা নামৰ বিহু দলটিৰ সদস্য তিনিজন আহত হয়৷
আনকি সেই ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি থকা বিহুদলৰ এজন ঢুলীয়াৰ ম’বাইলটো কাঢ়ি নি ভাঙি পেলোৱাৰ লগতে বিহু কন্যাৰ বায়েকক উদ্যোক্তা সমিতিৰ কোনো সদস্যই শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ তুলিছে বিহু দলটোৱে৷
ইফালে, বিহুতলীত এনেদৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ খবৰ পাই বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ পাছত বিহু দলটোৱে ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰাৰ বিপৰীতে উদ্যোক্তা সমিতি আৰু স্থানীয় ৰাইজেও উক্ত ঘটনাৰ বাবে বিহু দলটিকহে জগৰীয়া কৰি আন এক লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷