♦ জধে-মধে দাখিল কৰা আপত্তিৰ আবেদক লৈ গভীৰ ৰহস্য

জয়ন্ত মুদৈ, নগাঁওঃ সম্প্ৰতি ৰাজ্যখনত চলি থকা এনআৰচিৰ আপত্তি আবেদনৰ শুনানিৰ গইনা লৈ নগাঁও জিলাত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত জধে-মধে দাখিল কৰা আপত্তি আবেদনক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আনকি এনে আবেদনক কেন্দ্ৰ কৰি জিলাখনত পোহৰলৈ আহিছে নিতৌ ৰহস্যজনক ন ন তথ্য৷ মূলতঃ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ নামত দাখিল কৰা এনে হাজাৰ হাজাৰ আপত্তি আবেদনক লৈ এনআৰচিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ উজাৰিছে ভুক্তভোগী নাগৰিকে৷

ইফালে, বুধবাৰে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধিঙগাঁৱৰ ছেকান্দৰ আলীৰ পৰিয়ালৰ নামত ধিঙৰ জনৈক মৃগাংক নাথ নামৰ লোকজনে দাখিল কৰা আপত্তিৰ আবেদনৰ ভিত্তিত পৰিয়ালটোৰ সকলো সদস্য উপস্থিত হয় যদিও আশ্চৰ্যজনকভাৱে অভিযোগকাৰী মৃগাংক নাথ উপস্থিত নাথাকিল শুনানি কেন্দ্ৰত৷

লক্ষনীয়ভাৱে এই শুনানিৰ জাননীৰ ফলত ইংৰাজৰ বিৰুদ্ধে কৃষক বিদ্ৰোহত অংশগ্ৰহণকাৰী ছেকান্দৰ আলী ফৰাজীৰ পুত্ৰ তথা এনআৰচি কেন্দ্ৰৰ নিষ্পত্তিকাৰী বিষয়া আবুল কাছেম ফৰাজীৰ লগতে পৰিয়ালটোৰ আন কেইবাগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল শুনানি কেন্দ্ৰত উপস্থিত হৈ এনে ঘটনাৰ বাবে ক্ষোভ ব্যক্ত কৰে৷

বটদ্ৰৱা সতি ৰাধিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শুনানিত উপস্থিত থাকি এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷ সেয়ে এনেদৰে এনআৰচিৰ শুনানিৰ নামত খিলঞ্জীয়া নাগৰিকক হাৰাশাস্তিৰ সন্মুখীন কৰোৱা কাৰ্যক স্থানীয় বহু সংগঠন তথা সচেতন নাগৰিকে ধিক্কাৰ দিছে৷