মোৰাঝাৰঃ উত্তৰ-পূব সীমান্তৰ ৰে’ল বিভাগত কোটি কোটি টকা ব্যয়ৰে চলি আছে বহু কাম। এই কাম লাভ কৰা ঠিকাদাৰে কিমান নিয়মমাফিক কৰি আছে কামবোৰ তাকে লৈ বিভিন্ন সময়ত উত্থাপন হৈ বহু প্ৰশ্নৰ। তাৰ মাজতে হোজাইত দেখা গ’ল ঠিকাদাৰ মইমতালি। হোজাইৰপৰা লামডিংলৈ দ্বৈত ৰে’লপথৰ কাম অব্যাহত আছে। 

হাৱাইপুৰলৈকে ৰে’ল পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত একেসময়তে দ্বৈত ৰে’লপথৰে ৰে’লৰ চলাচল আৰম্ভ হৈছে যদিও বাকী অংশত কাম তীব্রগতিত চলি আছে। উল্লেখযোগ্য যে, হোজাই ৰে’ল ষ্টেচনৰপৰা নিৰ্মাণ হোৱা ৰে’ল পথ আৰু নতুন ৰূপত ষ্টেচন নিৰ্মান, ৰে’ল কৰ্মচাৰীৰ আবাসগৃহ আদি সকলো কাম তেজপুৰৰ ঠিকাদাৰ বাবুল নাথৰ নেতৃত্বত হৈ আছে বুলি এক সূত্ৰত প্ৰকাশ। সেইমতে কামৰ তদাৰকৰ বাবে বিভাগৰ ফালৰ পৰাও নিয়োগ কৰিছে বালা উপাধিৰ অভিযন্তাক। কিন্তু অভিযন্তা আৰু ঠিকাদাৰে কামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাইজে। 

জানিব পৰা মতে উল্লেখিত প্ৰকল্প নিৰ্মাণৰ কামত ব্যৱহাৰৰ বাবে হোজাই ষ্টেচন চৌহদত মজুত কৰা হৈছিল বহু পৰিমাণৰ শিল। ৰে’লৰ কামত ব্যৱহাৰৰ বাবে মজুত ৰখা শিলবোৰ বিভাগৰ ফালৰ পৰাও জোখ-মাখ কৰা হয়। এইখিনিতে উল্লেখনীয় যে, ৰে’ল ষ্টেচন চৌহদত মজুত ৰখা যিকোনো সামগ্ৰী ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াৰ অনুমতি অবিহনে কোনেও নিজ ইচ্ছাৰে ইফালৰপৰা সিফাল কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত কালি ঠিকাদাৰে কেইবাখনো দাম্পাৰৰ জৰিয়তে শিলবোৰ ৰে’লৰ পৰিৱৰ্তে অন্য কামত ব্যৱহাৰৰ বাবে প্ৰেৰণ কৰে বুলি ৰাইজে অভিযোগ কৰে।

অৱশেষত সেই স্থানত সাংবাদিকৰ এটা দল উপস্থিত হৈ অনুসন্ধান কৰাত ব্যাপক অনিয়ম পোহৰলৈ আহে যদিও চালক সকলে শিলবোৰ লামচাংখানলৈ নিয়া বুলি কব বিচাৰে। অৱশ্যে শিল নিয়াৰ কোনো চালান অথবা ৰে’ল বিভাগৰ অনুমতিও প্ৰদৰ্শন কৰিব পৰা নাছিল। বহু পলমকৈ ঠিকাদাৰৰ এগৰাকী মোহাৰি সেই স্থানত উপস্থিত হৈ এখন কাগজ প্ৰদৰ্শন কৰে যদিও শিল নিয়া গাড়ীৰ কোনো নম্বৰ উল্লেখ নথকাৰ সমান্তৰালভাৱে ২৮ এপ্ৰিলৰ কাগজ প্ৰদৰ্শন কৰাত ৰহস্যময় হৈ পৰে।

কেৱল সেয়াই নহয় পাথৰ কুৱেৰীৰপৰা অন্য স্থানলৈ পাথৰ নিয়াৰ পুৰণি চালান প্ৰদৰ্শন কৰাও দেখা যায়। অন্যহাতে ৰে’লৰ নামত আবন্তিত হৈ থকা শিলবোৰ ঠিকাদাৰে মইমতালীৰে ৰে’লৰ পৰিৱৰ্তে অন্য বিভাগৰ ৰাস্তা নিৰ্মাণৰ কামতহে চালান দিয়াৰ অভিযোগ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঠিকাদাৰৰ এনেধৰণৰ কামত অভিযন্তা গৰাকীয়েও প্ৰত্যক্ষ সহযোগ কৰি লুণ্ঠন চলোৱা বুলি সচেতন মহলেও ব্যক্ত কৰে। এতিয়া প্ৰশ্ন হয় ৰে’লৰ নামত আবন্তিত সামগ্ৰী অন্য কামত ব্যৱহাৰ কৰাটো কিমান যুক্তি সংগত?

এনেবোৰ ঠিকাদাৰ অভিযন্তাৰ বাবে ৰাজ্য চৰকাৰে হেৰাই আছে নেকি ৰাজহ। এনেবোৰ কাৰণতে সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৰাইজে। একেদৰে স্থানীয় ৰে’ল সুৰক্ষা বাহিনীৰ ভূমিকাতো সন্দেহৰ আঙুলি টুৱাইছে ৰাইজে। ৰে’লৰ সীমাৰ ভিতৰৰপৰা ৰে’ল সুৰক্ষা বাহিনীক অৱগত নকৰাকৈ ঠিকাদাৰে জধে মধে শিলবোৰ প্ৰেৰণ কৰা ঘটনাক সচেতন নাগৰিকে সহজে ল’ব পৰা নাই। এই ক্ষেত্ৰত ৰেল বিভাগৰ ফালৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয়।