বিলাসীপাৰাঃ সদৌ অসম ছাত্র- ইউনিয়ন (আমছু) বিলাসীপাৰা জিলা সমিতি তথা সভাপতি আব্দুল ওৱাহাব উদ্দ্যোগত সোমবাৰে দিনৰ ১১ মান বজাৰ পৰা ১ মান বজালৈকে বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত এনআৰচি আপত্তিৰ নামত ভুৱা ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী সবাস্ত কৰে৷
লগতে বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ দণ্ডাধীশ ৰূপ কমল ৰাভাক এখন স্মাৰক-পত্র প্ৰেৰণ কৰে। প্ৰত্যেক শুদ্ধ NRC গ্ৰহণ কৰিব লাগে, যদি গ্ৰহণ নকৰে তেন্তে অনাগত দিনত আমছুয়ে তীব্ৰ গন আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে৷