গুৱাহাটীঃ লক্ষ্য যদি নিৰ্দিষ্ট হয় আৰু উদ্দেশ্য মহৎ হয়, তেন্তে দৰিদ্ৰতাৰ কেতিয়াও হেঙাৰ হ’ব নোৱাৰে এগৰাকীৰ ব্যক্তিৰ সফলতা ক্ষেত্ৰত। এই বাক্যশাৰীকে পুনৰবাৰ সত্য প্ৰমাণ কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰিংচনসহ তিনিটা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উজ্জ্বলি উঠিল নুনমাটি জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰী চিমী বৈশ্য।
গুৱাহাটীৰ মহানগৰীৰ হেঙেৰাবাৰী হৰিপুৰ পথৰ বাসিন্দা শচীন বৈশ্য আৰু বেনুকা বৈশ্য কন্যা চিমি। মেধাৱী চিমীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়তে লেটাৰ মাৰ্ক পোৱা উপৰিও সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ঐচ্ছিক গণিতত মুঠ এশৰ ভিতৰত ১০০ নম্বৰ পায় ৰাজ্যৰ ভিতৰতে তিনিটা বিষয়ত সৰ্বাধিক নম্বৰে জিলিকি উঠিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, মেধাৱীৰ চিমিৰ পিতৃ এগৰাকী পাচলি ব্যৱসায়ী। পাচলি ব্যৱসায় কৰি ঘৰখন পোহপাল দিয়াৰ লগতে পিতৃয়ে বহুত কষ্টৰে নুনমাটি জাতীয় বিদ্যালয়ত অধ্যয়ন কৰাইছিল কন্যা চিমিক। কিন্তু অতি দুৰ্ভাগ্যজনক কথা কন্যাৰ এই সাফল্যৰ দিনটোত পিতৃয়ে আনন্দ কৰিব পৰাৰ অৱস্থাত নাই। কিয়নো শাৰীৰিক অসুস্থতাৰ বাবে কন্যাৰ সাফল্যৰ আনন্দৰ দিনটোতো পৰি ৰ'ব লগা হৈছে বিছনাত।
ইফালে, সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী চিনিয়ে এই ফলাফলৰ বাবে পিতৃ-মাতৃ লগতে অসম জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জনায়। লগতে কয় যে অসম জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। সেই বাবে এই সফলতাৰ কৃতিত্ব "মোৰ মা-দেউতা আৰু বিদ্যালয়ৰ ছাৰ-বাইদেউ সকলৰ"। ইফালে ৰাজনীতি ভাল পোৱা মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যত দিনত অসম জাতীয় বিদ্যালয়তে বিজ্ঞান শাখাত নামভৰ্তি কৰিব। ইয়াৰ উপৰিও মেধাৱী চিমিয়ে কয় যে শীৰ্ষ দহৰ ভিতৰত স্থান পাম বুলি আশা কৰিছিলোঁ। তাৰ বাবে বিদ্যালয় খোলা থকাৰ দিনত ৬-৮ ঘণ্টা আৰু বিদ্যালয় বন্ধ থকাৰ দিনত ১১-১৪ ঘণ্টা সময়ত অধ্যয়ন কৰিছিলো।
আনহাতে, কনিষ্ঠ সকলক উদ্দেশ্য কৰি মেধাৱী ছাত্ৰী গৰাকীয়ে কয় সকলোৱে ভালকৈ পঢ়া, কষ্ট কৰিলে সুফল পায়। লগতে সমাজিক মাধ্যমৰ সন্দৰ্ভত চিমিয়ে কয় "ছচিয়েল মিডিয়া বেয়া নহয়, ইয়াৰপৰা বহুতো শিকিব পাৰি। বেয়াটোক বাদ দি আমি ভালটোক সকলোৱে গ্ৰহণ কৰিব লাগে। আজৰি সময়ত উপন্যাস পঢ়াৰ লগতে নাচি আৰু ছবি আঁকি ভাল পোৱা বহু কথাই অৱগত কৰে ছাত্ৰী গৰাকীয়ে।