জিতুমনি নাথ,মৰিগাঁও

মৰিগাঁওঃ তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ তদানীন্তন মুখ্যকাৰ্যবাহী সদস্য তথা বত্তৰ্মানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ কাৰ্যকালত তিৱা স্বায়ত্ত্ব পৰিষদত সংঘটিত কেইবা কোটি টকাৰ ভয়াৱহ দুৰ্নীতি অভিযোগ তুলি বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়কৰ পদ খাৰিজৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাই  ছয়টাকৈ তিৱা জাতীয় সংগঠনৰ ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে মৰিগাঁও চহৰ কপাই তুলা ঘটনাই তিৱা ৰাজনীতিতে নহয় শাসকীয় বিজেপি দলৰ মাজতো জোকাৰণি সৃষ্টি কৰিছে। 

ডেৰঘন্টা ধৰি প্ৰতিবাদকাৰীসকলে মৰিগাঁও চহৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী মিছিল উলিয়াই চহৰখনত ব্যাপক যান জঁটৰ সৃষ্টি কৰে। জাতিদ্ৰোহী ৰমাকান্ত দেউৰী হুচিয়াৰ, তিৱা পৰিষদত ৰমাকান্ত দেউৰী দাদাগিৰী নচলিব, তিৱা জাতিৰ উন্নয়নৰ ধন আত্মসাৎকাৰী ৰমাকান্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক আদি শ্ল'গানে মৰিগাঁও চহৰ কপোৱা তিৱা জাতীয় সংগঠন কেইটাই মৰিগাঁও ষ্টেডিয়ামৰপৰা প্ৰতিবাদী সমদল উলিয়াই চহৰ খনৰ মূল পথ কেইটাৰে পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। 

প্ৰায় আধা ঘন্টা সময় ধৰি ধৰ্ণা আৰু প্ৰতিবাদে উত্তাল পৰিৱেশ সৃষ্টি কৰি ৰখা প্ৰতিবাদকাৰীসকলে পিছত জিলা উপায়ুক্তৰ জৰিয়তে ৬ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দিপেন মছৰং, সম্পাদক সুভাষ কোঁৱৰ, সদৌ তিৱা মহিলা সন্থাৰ সভানেত্ৰী জোনালী মিথি, সম্পাদিকা টুটুমনি ডেকাৰজা, সদৌ তিৱা সুৰক্ষা সমিতিৰ সভাপতি আনন্দ পাতৰ, সম্পাদক চিজয় দেউৰী, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিলীপ বৰদলৈ, সম্পাদক ৰত্নেশ্বৰ দেউৰী, স্বায়ত্ব শাসন দাবী সংগ্ৰামী মঞ্চৰ সভাপতি মহেন্দ্ৰ পাতৰ, সম্পাদক মহিত আমচং, তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ আৰু সম্পাদক বকিন্দ্ৰ মচৰংএ স্বাক্ষৰ কৰা স্মাৰকপত্ৰত বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। 

তেওঁলোকে স্মাৰক পত্ৰত উল্লেখ কৰি কয় যে তিৱা স্বায়ত্ত্ব পৰিষদত ৰমাকান্ত দেউৰীৰ কাৰ্যকালত তিৱা সকলৰ নমস্য বীৰ জোঙাল বলহুৰ প্ৰতিমুৰ্তি ৰহাত নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি মূৰ্তি' স্থাপনৰ কোনো যাৱতীয় কাম নকৰাকৈয়ে পৰিষদৰ ৬৬ লাখ টকা আত্মসাৎ কৰিছিল। এই সন্দৰ্ভত মৰিগাঁও সদৰ থানাত ৪৩৬/১৯ নং এক গোচৰ ৰুজু হৈ আছে। দ্বিতীয় অভিযোগ অনুসৰি ৰমাকান্ত দেউৰীৰ কাৰ্যকালত গুৱাহাটীত তিৱা স্বায়ত্ত্ব পৰিষদৰ গেষ্ট হাউচ ক্ৰয় কৰিবলৈ তিৱা পৰিষদৰপৰা নীতি বহিভূতভাৱে ৫০ লাখ টকা নগদ ধন উলিয়াই নিছিল। এই ক্ষেত্ৰত ফ্লেটৰ মালিকৰ লগত চেক যোগে ধনৰ লেন দেন নকৰি নগদ ধন লেন দেনৰে দুৰ্নীতিত লিপ্ত হৈছিল। 

অতি নিম্ন খাপৰ ফ্লেটটো কিনা দিন ধৰি তিৱা স্বায়ত্ত্ব পৰিষদক চমজি নিদি দেউৰীৰ পৰিয়ালে নিজৰ ব্যক্তিগত বাসস্থান হিচাপে আজি পৰ্যন্ত ব্যৱহাৰ কৰি আছে। এই সন্দৰ্ভত মৰিগাঁও সদৰ থানাত ৪৫১/১৯ নং এক গোচৰ ৰুজু হৈ আছে। তৃতীয় অভিযোগ অনুসৰি জোনবিল উন্নয়নৰ নামত এক কোটি, দেউৰীৰ নিজা সমষ্টি চাবুকধৰা চাৰিপুনীয়াৰ বিভিন্ন উন্নয়নমুলক আঁচনিৰ নামত চাৰি কোটি টকা কোনো কাম নকৰাকৈ আত্মসাৎ কৰাকে ধৰি দেউৰী কাৰ্যকালত সংঘটিত দুৰ্নীতি তদন্তৰ দাবী জনায়। 

চতুৰ্থ অভিযোগ অনুসৰি তিৱা স্বায়ত্ত্ব পৰিষদত ২০০৭ চনৰপৰা ২০১৬ চনলৈ হোৱা দুৰ্নীতিৰ তদন্ত কৰি ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ কৰি বিধায়কৰ পদ খাৰিজ কৰিবলৈ দাবী জনায়। পঞ্চম অভিযোগ অনুসৰি দেউৰীয়ে ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবেই জাতিটোক ভাগ ভাগ কৰি বিভাজন নীতি কৰি অহাৰ ফলত দেউৰীয়ে তিৱা সমাজৰ পৰা সম্পূৰ্ণ আস্থাহীন হৈ পৰিছে। ষষ্ঠ অভিযোগ অনুসৰি তিৱা স্বায়ত্ত্ব পৰিষদত দুৰ্নীতিৰ জৰিয়তে অগাধ সম্পত্তিৰ গৰাকী হোৱা ৰমাকান্ত দেউৰীয়ে তিৱা স্বায়ত্ত্ব পৰিষদত দুখীয়া মানুহৰ উন্নয়নৰ বাবে আবন্টিন আঁচনিৰ ধন পুনৰবাৰ আত্মসাৎ কৰাৰ উদ্দেশ্যৰে পৰিষদখনক অস্থিৰ কৰি নিজৰ আয়ত্বলৈ আনিবলৈ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। 

সেই উদ্দেশ্যে তিৱা নামধাৰী পাৱত গজা কিছুমান সংগঠনক উচতাই পৰিষদৰ বিৰুদ্ধে আন্দোলন কৰাৰ লগতে মৰিগাঁও জিলাৰ সাংবাদিক সকলকো অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে সংঘটিত কৰি অহা নৈৰাজ্যৰ অৱসান বিচাৰি ৬ টাকৈ তিৱা জাতীয় সংগঠনে আজি কৰা এই প্ৰতিবাদে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য  সহনশীলতাৰ কথা দোহাৰি অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভয়াৱহ দুৰ্নীতি অভিযোগত অভিযুক্ত হোৱা শাসকীয় বিজেপি দলৰ বিধায়ক  ৰমাকান্ত দেউৰী বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হব লক্ষণীয়।