চামগুৰিঃ এক লোমহৰ্ষক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে শালনাৰ হাচপানী অঞ্চলত৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং হাচপানী গাঁৱত সংঘটিত এই হত্যাকাণ্ডৰ বলি হৈছে নীলা ৰাভা বৰ্মন (26) নামৰ এগৰাকী বোৱাৰী৷
আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত যুগমায়া বৰ্মন আৰু নাৰায়ণ ৰায় নামৰ এগৰাকী মহিলা আৰু এজন পুৰুষক গ্ৰেপ্তাৰ কৰিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰন বৰ্তমানলৈকে আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা জানিব পৰা মতে, দুই নং হাচপানীগাঁৱৰ বাদল বৰ্মন নামৰ লোকজনৰ গৃহত যোৱা নিশা হত্যাকাণ্ডৰ বলি হোৱা নীলা ৰাভা বৰ্মনৰ স্বামী থুলে ৰাভা, নাৰায়ণ ৰায় আৰু বাদল বৰ্মনে মদৰ পাৰ্টি কৰাৰ লগতে চুবুৰীয়া দুয়োঘৰে নিশাৰ আহাৰো গ্ৰহন কৰে৷
পৰৱৰ্তী সময়ত নিশা কোনো বিষয়ক লৈ বাদল বৰ্মন আৰু যুগমায়া বৰ্মনৰ কাজিয়াৰ সূত্ৰপাত ঘটে আৰু বাদলে খঙৰ ভমকত পত্নীক কাটিবলৈ দা অনাত কাজিয়া বন্ধ হৈ পৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ কিন্ত নিশাই নীলা ৰাভা বৰ্মন(২৬)ৰ ৰক্তাক্ত মৃতদেহ বাদলৰ চোতালৰ কাষৰ কুঁৱাৰ পাৰত উদ্ধাৰ হয়৷
আৰক্ষীয়ে সন্দেহ কৰা মতে, বাদল আৰু ঘৈণীয়েকে কাজিয়া লাগি থকা অৱস্থাত কিবা কাৰণত নীলাক মূৰত ঘপিয়াই বাদলে পলায়ন কৰে৷ ইতিপূৰ্বে বাদলে গাড়ী চুৰি চক্ৰৰ লগত জড়িত হৈ সাত বছৰ পলাতক হৈ থাকি হাচপানী গাঁঁৱৰ থুলে ৰাভাৰ ঘৰৰ কাষত মাটি কিনি বসবাস কৰি আছিল৷
ইফালে, গ্ৰেপ্তাৰ হোৱা কুহুমতলীৰ নাৰায়ণ ৰায় পেছাত মাছ ব্যৱসায়ী বুলি জানিব পৰা গৈছে৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, তেওঁলোকে প্ৰায়ে বাদলৰ ঘৰত চুলাই মদৰ পাৰ্টি কৰে৷ উক্ত হত্যাকাণ্ডটো মদৰ বাবেই সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷
অৱশ্যে কি কাৰণত বাদলে নীলাক হত্যা কৰিলে সেয়া বৰ্তমানেও ৰহস্যজনক৷ বৰ্তমান হত্যাকাৰী পলাতক হৈ অাছে৷ আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুগমায়া আৰু নাৰায়ণৰ বিৰুদ্ধে চামগুৰি থানাত 275/17 নম্বৰত এক গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে মৃতদেহটো নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি বিয়লি পৰিয়ালক চমজাই দিয়ে বুলি জানিব পৰা গৈছে।